ডিব্ৰুগড়ত আছু সাংস্কৃতিক শোভাযাত্ৰাৰ:ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ৰঙালী বিহু আৰম্ভ

ডিব্ৰুগড়ত আছু সাংস্কৃতিক শোভাযাত্ৰাৰ:ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ৰঙালী বিহু আৰম্ভ
এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিগত বর্ষসমূহৰ দৰে এইবাৰো সদৌ ডিব্ৰুগড় ছাত্র সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ সহযোগত  চাৰিদিনীয়া কাৰ্যসূচীৰে কেন্দ্রীয় ৰঙালী বিহু উৎসৱ আৰম্ভ হৈছে।  সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংগঠনটোৰ সভাপতি তনুজ হালৈয়ে।  বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি কিশোৰ বৰাই।  শহীদ তর্পন কার্যসূচী মুকলি কৰে সদৌ ডিব্ৰুগড় ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পাপু শইকীয়াৰ লগতে জিলা ছাত্র সন্থাৰ উপদেষ্টাদ্বয়- খগেন দত্ত আৰু ৰূপজ্যোতি  বৰঠাকুৰে। সাংস্কৃতিক শোভাযাত্রা  উদ্বোধনী কার্যসূচীত উদ্ধোধন কৰে বিশিষ্ট অভিনেত্রী চেতনা দাসৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বুলবুল দত্তই। অভিনেতা অৰুণ হাজৰিকা, মাধুৰীমা চৌধুৰী, নয়ন নীলিম, নীলাভ নীতা, যশস্বী ভূঞা আৰু ভৈৰবী গোস্বামীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শঙ্কৰজ্যোতি বৰুৱাই অংশ গ্ৰহণ কৰা সাস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জনগোষ্টীৰ সংস্কৃতি, সাজ-পোছাক পৰিধান কৰাৰ লগতে থলুৱা পোছাক পৰিধান কৰি শোভাযাত্ৰাৰ সৌষ্ঠৱ বঢ়াই তোলে।