ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ অন্তৰ্গত ৰামধেনু শতদল শাখা সাহিত্য সভাৰ ৰাভা দিৱস পালন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ অন্তৰ্গত ৰামধেনু শতদল শাখা সাহিত্য সভাই ডিব্ৰুগড়ৰ বঙাল গাঁৱ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত তথা লাহোৱাল শিক্ষা খণ্ডৰ বিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মৃত্যু দিৱস ৰাভা দিৱস হিচাপে পালন কৰা হয়।এই উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাৰ আৰম্ভণিতে ৰাভাৰ প্ৰতিচ্ছবিত বন্তি বিভিন্ন জনে বন্তি প্ৰজ্বলন কৰাৰ লগতে তেখেতৰ ৰচিত গীত পৰিৱেশন কৰা হয়। সভাত অসম সাহিত্য সভাৰ আজীৱন সভ্য স্বীকৃতি লাভ কৰা তথা শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষা সমিতিৰ কোষাধ্যক্ষ পৱন গাৰোডিয়াই বিষ্ণু প্ৰাসাদ ৰাভাৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। ৰামধেনু শতদল শাখা সাহিত্য সভাৰ উপ-সভাপতি ৰত্নেশ্বৰ ফুকন , সহকাৰী সম্পাদক বিমল চন্দ্ৰ দত্ত, শাখা সাহিত্য সভাৰ সম্পাদক অনিল প্ৰসাদ সিংহ, সদস্য ৰঞ্জিত মেছ, ৰামধেনু শতদল শাখা সাহিত্য সভাৰ আজীৱন সভ্য মীন বিভাগৰ যুটীয়া সঞ্চালক মনিৰুদ্দিন আহমেদ, ৰামধেনু শতদল শাখা সাহিত্য সভাৰ আজীৱন সভ্য স্বীকৃতি লাভ কৰা মহেশ্বৰ তেলি,নোমল মেচ, দিজুল শইকীয়া, সহ: শিক্ষয়িত্ৰী বিভা চেতিয়া, প্ৰধান শিক্ষয়িত্ৰী মৃনালি বুঢ়াগোহাঁই, কল্পনা শইকীয়া, আজীৱন সভ্য, গাওঁ প্ৰধান বিশ্বজিৎ মেছ, আজীৱন সভ্য ভূপেন ফুকন, শতদল শাখা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক এম হাছিম আলী, আদিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাৰে সোঁৱৰে।
