প্ৰাণৰ শিল্পী – শচীন্দ্ৰ কুমাৰ দাস

Pc Asomi- The Cultural Essence

প্ৰাণৰ শিল্পী 

 শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী

হে শিল্পী প্ৰাণৰ শিল্পী
তোমাক সশ্ৰদ্ধ প্ৰণাম৷

জাতিৰ জয়গান,জাতীয় চেতনাৰ ঢৌ বৈছে তোমাৰ দেহত৷

পৰাধীনতাৰ পঙ্কিল শিকলি চিঙিবলৈ
আগ্নেয় অস্ত্ৰ বাৰিষাৰ নৈ হৈ বৈছে তোমাৰ প্ৰাণত৷

কৃষ্টি সংস্কৃতিৰ নিস্বাৰ্থ প্ৰেমৰ মালাধাৰী পিন্ধাই
আই-মাতৃৰ চৰণত কৰিলা নিজকে সমৰ্পণ৷

ত্যাগ,বলিদান,স্বদেশপ্ৰেমৰ মূৰ্ত্ত্য প্ৰতীক,
জনমভূমিৰ তুমি সুযোগ্য সন্তান৷

হে যুগ নায়ক বিশ্বশিল্পী
তোমাক প্ৰণীপাত জনাওঁ৷

কণ্ঠত যাৰ বাগৰে প্ৰকৃতিৰ অমীয়া সুৰ,স্বদেশ প্ৰেমৰ বিজয়ী গাঠা৷

যাৰ অন্তঃকৰণত নিগৰে ৰাজনৈতিক বিচক্ষণতা৷

মায়াময় প্ৰীতিৰ সুবাস বিলাই
স্ৰজিলা শুৱনী বিশ্ব ধৰা৷

হে শিল্পী তোমাক জনাওঁ শত কটি প্ৰণাম৷

সুৱদি সুৰৰ তুমি খনিকৰ
কণ্ঠত ভাঁহে যাৰ যাদুকৰী লহৰ৷

মায়াসনা কালজয়ী গীতি সম্ভাৰ
আছে জানো আন তোমাৰ দৰে শ্ৰেষ্ঠ গীতিকাৰ৷

আবেগত ভাঁহি যাওঁ
প্ৰাণত যাগে নতুন উছাহ
তোমাৰ গীতে আজিও শিহৰণ তোলে
নাই যেন কাৰোৰে সতে তোমাৰ তুলনা৷

হে মহান শিল্পী
তোমাক সুৱৰী লিখিছো
প্ৰাণৰ এয়া কবিতা
তোমাৰ গীতৰ মাজত বিছাৰিছো
বিষাদৰে ভৰা জীৱনত
নতুনত্বৰ সজীৱতা৷