ডিজু চাহ বাগিচাত অসমী এনাজৰীৰ তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন

ডিজু চাহ বাগিচাত অসমী এনাজৰীৰ তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন

বুলমণি বৰি, লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  কৃষ্টি সংস্কৃতি মাজেদিয়েই প্ৰৱাহিত হয় এটা জাতিৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ বাৰ্তা। অসমীয়া জাতি গঢ়াৰ এনাজৰী হৈ অনন্য সাংস্কৃতিক বৈশিষ্ট্যৰে প্ৰোজ্জ্বল জাতীয় উৎসৱ বিহু অসমীয়াৰ এক উৎকৃষ্ট লোক কৃষ্টি আৰু জাতিটোৰ পৰিচয়।অসমৰ কৃষি সভ্যতাৰ আদি স্তৰ আৰু কৰ্মময় জীৱনৰ নিৰলস যাত্ৰাৰ কৃষ্টিৰূপী প্ৰকাশ নিসৃত হৈ থকাৰ লগতে বিহুৰ বুকুত সোমাই আছে অসমৰ বিভিন্ন জনগোষ্ঠীৰ বাৰে বৰণীয়া সংস্কৃতি। কৃষ্টি সংস্কৃতিয়েই এটা জাতিৰ আধাৰ। সেয়ে এই বিহুৰ জৰিয়তে অসমীয়া জাতিৰ সামাজিক সাংস্কৃতিক ভেটি সজীৱ আৰু প্ৰাণৱন্ত কৰি একতাৰ এনাজৰীৰে সমন্বয়ৰ শিপাডাল খামুচি জাতিটোক একগোট কৰি ধৰি ৰখাৰ মানসেৰে ডিজু চাহ বাগিচা খেলপথাৰত ১৬ মে তাৰিখে সভাপতি অৰুণজ্যোতি মহন্ত সাধাৰণ সম্পাদক প্ৰবীণ কোঁৱৰ কোষাধ্যক্ষ পল্লৱ খনিকৰ উদযাপন সমিতিৰ সভাপতি ৰাজু মাহাতু যুটীয়া সম্পাদক ৰাম কুমাৰ কোজুৰ ৰঞ্জিত দে সহ সম্পাদক মানস জ্যোতি শইকীয়া অনিৰুদ্ধ মৰাং চুনিল উৰাং অভয় খাণ্ডুলাৰ নেতৃত্বত তৃতীয় বাৰ্ষিক অসমী এনাজৰী বিহু সন্মিলন উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণৰ পিছতেই বৃক্ষ ৰোপণ কৰে বিহু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ কোঁৱৰে।৮ বজাত বন্তি প্ৰজ্বলন কৰে উপ সভাপতি লক্ষ্যজিৎ দুলাকাষৰীয়াই। সভাপতি অৰুণজ্যোতি মহন্তই পতাকা উত্তোলন কৰি সুৰৰ সম্ৰাট জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি জনায়। পুৱা ১০ বজাত গগনা হুচৰি বিহু দলে মঞ্চ উদ্বোধন কৰাৰ পাছতেই মৌ কুঁৱৰী আৰু সৰু বিহুৱতী প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে কবি বুলমণি বৰিয়ে।বৰ বিহুৱতী প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে অনাতাঁৰ শিল্পী চম্পা বৰিয়ে। বিচাৰকৰ বিচাৰ প্ৰক্ৰিয়াৰে সফল সামৰণি পৰা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদানেৰে উৎসাহিত কৰাৰ পাছত সন্ধিয়া বন্তি প্ৰজ্বলন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক ৰাতুল বৰাই। ইয়াৰ পিছতেই জনপ্ৰিয় কণ্ঠশিল্পী ৰশ্মি গগৈয়ে গীতৰ শৰাই আগবঢ়ায়। ৰশ্মিৰ গীত পৰিৱেশন কৰা সংগীতানুষ্ঠান দুপৰ নিশালৈকে বিহু প্ৰেমী ৰাইজে উপভোগ কৰে।