ডাকৰ চিঠি- লক্ষী প্ৰসাদ ৰেগন

Pc- vectorstock

ডাকৰ চিঠি

লক্ষী প্ৰসাদ ৰেগন
প্ৰেয়সীৰ মৰমেৰে ভৰা
হৃদয়ৰ ভাষাৰে লিখা
ডাকৰ চিঠিবোৰ ক’ত হেৰাই গ’ল
মাহেকে-পষেকে অহা
চিনাকি ডাকোৱালে দিয়া
মৰমীৰ খবৰবোৰ অতীত হৈ গ’ল।
নীলা চিয়াঁঁহীৰে গঢ়ি-পিটি দিয়া
পৰ্বতসম মৰমৰ চিঠিবোৰ
হৃদয়তে থাপি পঢ়িছিলোঁ
নিজানতে বহি…
কতবাৰ কাটি-কুটি
তোমালৈ পঠোৱা উকা কাগজৰ
উমাল মৰমবোৰে…
পাৰিছিলেনে তোমাক সান্তনা দিব
পৰিৱৰ্তিত সময়ৰ সোঁঁতত
চিঠিবোৰ হেৰাই গ’ল
ডাকোৱালৰ জোলোঙাখনো উকা হৈ ৰ’ল।