টেঙাখাত বিস্ফোৰণত অগ্নিদগ্ধ মৃতকৰ সংখ্যা ৬জনলৈ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- অইল ইণ্ডিয়া লিমিটেডৰ ডিব্ৰুগড় জিলাৰ টেঙাখাতস্থিত ইণ্টাৰমিডিয়েট টেংক ফার্মত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত মৃত্যুৰ সংখ্যা ছগৰাকীলৈ বৃদ্ধি পালে। শোকাৱহ এই ঘটনাত গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা টেঙাখাত দীঘলীয়া দেউবিল গাঁৱৰ কুমুদ গগৈৰ আৰু ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ লগতে টেঙাখাত উইলটন বৰদলনি গাঁৱৰ গোলাপ দত্ত (৫৮)ব সন্ধিয়া মৃত্যু হয়। ইফালে, ৰাজু দত্ত, ৰূপম গোহাঁই, তাপসজ্যোতি গগৈ আৰু শৈলেন গগৈৰ ইতিপূর্বে মৃত্যু হৈছে আৰু আহত ইন্দ্র গগৈক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে কালি দিল্লীলৈ প্ৰেৰণ কৰা হয়। মৃত কুমুদ গগৈ টেঙাখাতৰ বৰবীল দীঘলীয়াৰ বাসিন্দা আছিল। তেওঁ অইলৰ তত্ত্বাৱধানত ৰক্ষণাবেক্ষণৰ কামত নিয়োজিত মুম্বাইস্থিত স্পেকট্রন ইঞ্জিনীয়াৰ্ছ প্রাইভেট লিমিটেড নামৰ কোম্পানীটোত হেল্পাৰ (ছেমি-স্কিলড) হিচাপে কৰ্মৰত আছিল। উল্লেখ্য যে ৬ নৱেম্বৰৰ পুৱা প্ৰায় ৯.০৫ বজাত কর্মীসকলে কামত ব্যস্ত থকাৰ সময়তে ITFত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। অইলৰ প্ৰাথমিক তদন্ত অনুসৰি, ITFৰ ইণ্ডাইৰেক্ট বাথ হিটাৰ (IDBH) এলেকাত বিস্ফোৰণটো সংঘটিত হয়। উক্ত এলেকাটো ৪ নৱেম্বৰৰ পৰাই ৰক্ষণাবেক্ষণৰ কামৰ বাবে পৃথক কৰি ৰখা হৈছিল। বিস্ফোৰণৰ পিছতে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত অপাৰেচন আৰু মেইনটেনেঞ্চ ঠিকাদাৰী সংস্থাৰ সাতজন কর্মী অগ্নিদগ্ধ হয়। আহতসকলক প্রথমে অসম মেডিকেল কলেজ হাস্পতাল, ডিব্ৰুগড় আৰু অইল হাস্পতাল, দুলীয়াজানত চিকিৎসা প্রদান কৰা হয়। গুৰুতৰভাৱে আহতসকলক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ বিভিন্ন ব্যক্তিগত হাস্পতাললৈ স্থানান্তৰ কৰা হয়। ইফালে, অইলে ঘটনাত নিহত প্ৰতিগৰাকী শ্ৰমিকৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ এককালীন অনুদান আৰু আহত প্ৰতিগৰাকী ব্যক্তিলৈ ৫ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। ঘটনাৰ পৰিপ্ৰেক্ষিতত কর্তব্য পালনত গাফিলতিৰ অভিযোগত অইল ইণ্ডিয়া লিমিটেডে চাৰিজন কৰ্মচাৰীক নিলম্বন কৰিছে। নিলম্বিতসকলৰ ভিতৰত তিনিজন বিষয়া আৰু এজন কৰ্মচাৰী আছে।
