টীম অসমৰ প্ৰশংসনীয় পদক্ষেপঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

pc Wikipedia

টীম অসমৰ প্ৰশংসনীয় পদক্ষেপঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অনলাইন বাৰ্ত্তাসেৱা – বিশ্ব গঁড় দিৱসৰ দিনাই খড়্গ সম্পর্কীয় ভ্ৰান্ত ধাৰণা নিৰ্মূলকৰণৰ লগতে ইয়াৰ ঔষধি মূল্যক লৈ থকা অন্ধবিশ্বাস দূৰ কৰাৰ লক্ষ্যৰে বোকাখাতত ২,৪৭৯টা খড়্গ ৰাজহুৱাকৈ দাহ কৰা হৈছিল। অসম চৰকাৰে এই কাৰ্য সমাপ্ত কৰাৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা এটা টুইটৰ উত্তৰত প্রধানমন্ত্রী মোদীয়ে কয়— ‘টীম অসমৰ প্ৰশংসনীয় পদক্ষেপ। এশিঙীয়া গঁড় ভাৰতৰ গৌৰৱ আৰু ইয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’