জোনবাইৰ ফটো তুলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ এজন যুৱক

Pc- The Janambhumi

জোনবাইৰ ফটো তুলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ এজন যুৱক

ৰঙিলী বাৰ্ত্তাসেৱা- জোনবাইৰ ফটো তুলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোকচিত্ৰ প্ৰতিযোগিতাত উজ্বলি উঠিল অসমৰ এজন যুৱক।ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা চমুকৈ ইছৰ’ই ‘আন্তৰ্জাতিক চন্দ্ৰ দিৱস’ উপলক্ষে আয়োজন কৰা ‘মুন শ্বট’ শীৰ্ষক আলোকচিত্ৰ প্ৰতিযোগিতাত চন্দ্ৰৰ ফটো তুলি দেশ-বিদেশৰ বিভিন্ন ফটোগ্ৰাফাৰৰ মাজত শ্ৰেষ্ঠত্ব অৰ্জন কৰে দৰঙৰ গৌতম ডেকা নামৰ যুৱকজনে।মঙলদৈৰ কলিতাপাৰা নিবাসী অৱসৰপ্ৰাপ্ত বেংক বিষয়া দুৰ্গেশ্বৰ ডেকা আৰু বন্তি ডেকাৰ একমাত্ৰ পুত্র গৌতম ডেকাই ২০২১ চনৰ গুৰু পূৰ্ণিমাৰ নিশা মঙলদৈৰ চহৰ সমীপৰ চেৰেং চাপৰিৰ পৰা তোলা জোনৰ এখন আলোক চিত্ৰৰে আন্তৰ্জাতিক প্ৰতিযোগিতাত যোগদান কৰিছিল।১০ আগষ্টৰ দিনা ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ ৱেবচাইটত এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি উৎফুল্লিত হৈছে গৌতম ডেকা৷ইছৰ’ৱে নিজৰ ৱেবচাইটযোগে ঘোষণা কৰা এই প্ৰতিযোগিতাৰ ফলাফলত গৌতম ডেকাই দেশ-বিদেশৰ নানান আলোকচিত্ৰ শিল্পীৰ মাজত প্ৰথম স্থান লাভ কৰে।তাৰ পিছতে যুৱ ফটোগ্ৰাফাৰজনে আনুষ্ঠানিক পত্ৰখন লাভ কৰে।মুন শ্বট প্ৰতিযোগিতাত চলিত বৰ্ষত অসমৰ গৌতম ডেকাই শীৰ্ষস্থান লাভ কৰাৰ বিপৰীতে কন্নুৰৰ ৰোহি কেয়ে দ্বিতীয় আৰু তিৰুৱান্তপুৰমৰ ৰামজিথ আৰ কেয়ে তৃতীয় স্থান লাভ কৰিছে।উল্লেখযোগ্য যে, ২০১৬ চনত স্থাপত্যবিদ্যাত স্নাতক সন্মান লাভ কৰা উদীয়মান আলোকচিত্ৰ শিল্পী গৰাকীয়ে ২০১২ চনত আলোকচিত্ৰ শিল্পী হিচাবে আত্মপ্ৰকাশ কৰি ২০১৩ চনৰ পৰা এষ্ট্ৰ ফটোগ্ৰাফীত বিশেষভাৱে মনোনিৱেশ কৰে৷সম্প্ৰতি গৌতম ডেকাই বিবাহ আলোকচিত্ৰ শিল্পী হিচাৱে পেচাগত ভাৱে কাম কৰাৰ উপৰিও চখ হিচাপে বাছি লৈছে ‘এষ্ট্ৰ ফটোগ্ৰাফী’৷ইতিমধ্যে বিভিন্ন দল-সংগঠন তথা সংস্থাই গৌতম ডেকাক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে।