জীৱন মনে কি?- নিতিষ্মান দাস

pc Christianity

জীৱন মনে কি?

জীৱন মানেনো কি, মাত্র দুদিনীয়া,

মৃত্যু সকলোৰে আছে হওক ধনী বা দুখীয়া।

লভিলো জনম আমি মাতৃৰ পৰা,

পিতৃ হৈছে আমাৰ জীৱন্ত দেৱতা।

জীৱনত সুযোগেৰে ভৰপূৰ হৈ থাকে,

কেতিয়াবা জীৱনত বিপদ আহে।

সকলোৰে জীৱনত আছে দুখহাৰী,

হ’ব পাৰে পুৰুষ, অথবা নাৰী।

বিষয়ৰ সুখ এদিন এৰিব লাগিব,

তৰা কেইটাই মোৰেই কথা সুধি থাকিব।

পাইছোঁ জীৱনত মোৰ মৰমৰ জন্মভূমি,

হৈ কোনো লাভ নাই সবাটোতকৈ ধনী।

মৃত্যুৰ বাবে ধৰাখনিক নাভাবিবা পৰ,

কৰিলে মহান কাম হবা অমৰ।

নামেৰে অমৰ হলে কোনো লাভ নাই,

কৰ্মৰে সকলোৱে অমৰ আখ্যা পাই।

লাভ নাই জীৱনত থাকিলে বহু ধন,

জীৱন এটা গতিশীল চলি থকা বাহন।

কেনে সুন্দৰ আমি সকলোৱে জীৱন পাইছো,

ঈশ্বৰক শত কোটি প্রণিপাত জনাইছোঁ।

সফল হবলৈ থাকিব লাগিব মনোবল,

চেষ্টা কৰি এদিন নিশ্চয় হবাগৈ সফল।

পৰ জনমত জানো এনেদৰে সুখ পাবা,

পৰিয়ালক পুনৰ জানো কেতিয়াবা দেখিবা।

জীৱনত সুখী হৈ কৰা জীৱন পন,

সকলো ধৰ্ম, জাতিৰ সৈতে কৰা মিলন।

সকলোৰে হৈ থাকিবা বল আৰু বিশ্বাস,

প্ৰকৃতিৰ সৈতে আনন্দৰ লোৱা সুবাস।

জীৱনক কেতিয়াও নাভাবিবা শূন্য,

এই জীৱন পাবলৈ লাগে বহু পূণ্য।

-নিতিষ্মান দাস

সপ্তম শ্রেণী