জীৱন…- নন্দেশ্বৰ মিলি

PC STEPS Academy
জীৱন…

তই সাৰে আছা

ময়ো সাৰে আছোঁ
মাজৰাতি ৰিং কৰিম বুলি ভাবোঁ
কিন্তু তোমাৰ অসুবিধাৰ কথা ভাবি
ছুইচ অফ কৰি শুই থাকোঁ।
বোৱাৰী পুঁৱাতে উঠি
হাতত তুলি লওঁ
ছুইচ অন কৰি
দিনটোৰ বাবে
ওলাই যাওঁ।
দিনৰ বেলাত
ঘামত তিতি
হোটেলৰ বাৰাণ্ডাত বহি
অথবা পাণ দোকানত বহি বহি
গল্পৰ মেল পাতোঁ।
সন্ধিয়া বেলাত
বাথৰুমত সোমাই
মূৰে-গালে তিয়াই
অলপ ফ্ৰেচ হৈ যাওঁ।
মুঠতে গতানুগতিক জীৱন
ঠিক….
দিন-ৰাতিৰ দৰে।
নন্দেশ্বৰ মিলি
নগাঁও,অসম