জানুৱাৰীৰ পৰা ১৫বছৰ ঊৰ্ধ্বক ক’ভিড ভেকচিন আৰু ৬০ বছৰৰ ওপৰৰ নাগৰিক বুষ্টাৰ পালি প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pc Mint

জানুৱাৰীৰ পৰা ১৫বছৰ ঊৰ্ধ্বক ক’ভিড ভেকচিন আৰু ৬০ বছৰৰ ওপৰৰ নাগৰিক বুষ্টাৰ পালি প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-   দেশৰ প্ৰাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৭সংখ্যক জন্মবার্ষিকী আৰু পৱিত্ৰ বৰদিনৰ নিশা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ ভেকচিন সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে।প্রধানমন্ত্রী মোদীয়ে নতুন বৰ্ষতে নাবালকৰ বাবে ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ২০২২ চনৰ ৩ জানুৱাৰী পৰাই ১৫ বছৰৰ পৰা ১৮ বছৰীয়াক ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব। ১০ জানুৱাৰী পৰাই স্বাস্থ্যকর্মী আৰু ষাঠিৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলক ক’ভিড বুষ্টাৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ’ব।প্ৰধানমন্ত্রী মোদীয়ে কয়— এসপ্তাহৰ ভিতৰতে আমি ২০২২ত প্ৰৱেশ কৰিবলৈ গৈ আছোঁ। আজি বিশ্বৰ অনেক দেশ অমিক্ৰনৰ ভাবুকিৰ সন্মুখীন হৈছে। ক’ভিডৰ নতুন প্ৰকৰণ অমিক্ৰনৰ বাবেই বিশ্বৰ অধিকসংখ্যক দেশত আক্ৰান্তৰ সংখ্যা বাঢ়িছে। মই সকলোকে আহ্বান জনাওঁ শংকিত নহৈ সতৰ্ক হৈ থাকক।ক’ভিড ভেকচিন প্ৰদান কৰাৰ ১১ মাহ সম্পূৰ্ণ হোৱাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে দেশে ক’ভিড ভেকচিনৰ ১০০ কোটি ড’জ অতিক্রম কৰি ইতিহাস গঢ়া বুলি কয়। ১০০ শতাংশ টিকাকৰণ হ’লেহে তেওঁ সন্তুষ্ট হ’ব বুলি উল্লেখ কৰি কয় যে ক’ৰোনা ভাইৰাছ এতিয়াও শেষ হোৱা নাই। লগতে প্রধানমন্ত্রী মোদীয়ে কয় – সম্প্ৰতি ভাৰতত ১৮ লাখ আইছ’লেচন বেড, ৫ লাখ অক্সিজেন সন্নিৱিষ্ট বেড়, ১.৪ লাখ আই চি ইউ বেড, ৯০ হাজাৰ শিশু আই চি ইউ আৰু আই চি ইউবিহীন বেড, ৩ হাজাৰতকৈ অধিক কর্মক্ষম পি এছ এ অক্সিজেন প্লান্ট আৰু ৪ লাখ অক্সিজেন চিলিণ্ডাৰ দেশজুৰি বিতৰণ কৰা হৈছে।