জম্মু-কাশ্মীৰৰ অৱন্তীপোৰাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত

pc- Timesof india

জম্মু-কাশ্মীৰৰ অৱন্তীপোৰাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ অৱন্তীপোৰাৰ বাৰাগাম অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত সংঘৰ্ষত এজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয়। এজন বিষয়াই কয়, “নিৰাপত্তাৰক্ষীয়ে বাৰাগাম অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্য পোৱাৰ পিছত এটা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰে।”