জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি 27 এপ্ৰিলৰ দিনাখন নতুন দিল্লিত আয়োজিত হ’বলগীয়া কাৰ্য্যক্ৰমৰ বিষয়ে বিজ্ঞপ্তি   

জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি 27 এপ্ৰিলৰ দিনাখন নতুন দিল্লিত আয়োজিত হ’বলগীয়া কাৰ্য্যক্ৰমৰ বিষয়ে বিজ্ঞপ্তি   

ৰঙিলী বাৰ্ত্তাসেৱা-  জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF) ৰ দ্বাৰা দেশৰ সকলো প্ৰান্ততেই চলি থকা হস্তাক্ষৰ সংগ্ৰহ অভিযানৰ অন্তত 28 এপ্ৰিল, 2023 তাৰিখৰ দিনাখন দেশৰ সকলো প্ৰান্তৰ কাৰ্য্যকৰ্তাসকল নতুন দিল্লিৰ সমীপত একত্ৰিত হ’ব ।21 মাৰ্চ, 2023 তাৰিখৰ দিনাখন JSF, অসমৰ কাৰ্য্যকৰ্তা সকলে জনসংখ্যা অসন্তুলনৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ ৰোধ কৰিবৰ বাবে মাননীয় অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস আৰু শ্ৰীঅতুল বৰা ডাঙৰীয়া ক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ সম্বোধিত পত্ৰ অৰ্পণ কৰা হয় ।ৰাইজৰ প্ৰতিনিধি সকলৰ লগত আলোচনা মৰ্মে জনোৱা হয় যে দেশৰ সকলো প্ৰান্তৰ JSF কৰ্মীসকলে নিজ নিজ ক্ষেত্ৰত জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত সংগ্ৰহ কৰা স্বাক্ষৰ পত্ৰসমূহ লৈ 28 এপ্ৰিল, 2023 তাৰিখে দিল্লি-গাজিয়াবাদ সীমাত অৱস্থিত JSF কেম্পত একত্ৰিত হ’ব । তাৰ পৰা 29 এপ্ৰিল তাৰিখে ৰাতিপুৱা ৮ বজাত প্ৰধানমন্ত্ৰী কাৰ্য্যালয়লৈকে যাবলৈ এটা সমদল সাজু কৰা হ’ব ।জনপ্ৰতিনিধি সকলৰ যোগে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ সম্বোধিত পত্ৰত উল্লেখ কৰা হয় যে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সহমত প্ৰকাশ নকৰিলে 29  এপ্ৰিল, 2023 তাৰিখৰ পৰা অনিশ্চিত কাললৈ ধৰ্ণা কাৰ্য্যসূচী পালন কৰিবলৈ সংগঠনৰ ফালৰ পৰা নিৰ্ণয় কৰা হৈছে ।  কাৰ্য্যকৰ্তা সকলে জনায় যে JSF য়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি যোৱা সাত বছৰৰো অধিক সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী অনিল চৌধুৰীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি 23 খন ৰাজ্যৰ 400 ৰ অধিক জিলাত অভিযান চলাই থকা হৈছে । সেই অভিযান সমূহ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্য্যকাৰিনী সদস্য তথা JSF ৰ মূখ্য সংৰক্ষক মাননীয় ইন্দ্ৰেশ কুমাৰজী তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং সহ 125 জন সাংসদে সমৰ্থন জনাইছে ।জনোৱা হ’ল যে এই বিষয়ে 9 আগষ্ট, 2018 তাৰিখে সংগঠন তথা সংসদৰ সংযুক্ত প্ৰতিনিধি বৰ্গই ভাৰতবৰ্ষৰ  মাননীয় ৰাষ্ট্ৰপতি মহোদয়ক সাক্ষাৎ কৰি 125 সাংসদৰ স্বাক্ষৰ সম্বলিত আবেদন পত্ৰ অৰ্পণ কৰা হৈছিল ।সাংসদ/ ৰাজ্যৰ মন্ত্ৰী-বিধায়কক পত্ৰ অৰ্পণ কৰা  এই কাৰ্যসূচীত JSF, অসমৰ অধ্যক্ষৰ লগত জেএছএফৰ ৰাজ্যিক মহিলা শক্তিৰ অধ্যক্ষা ৰঞ্জিতা ৰাজ, যুৱশক্তিৰ অধ্যক্ষ প্ৰিয়ংকু নাৰায়ণ বৰুৱা আৰু মহাসচিৱ জিতু তালুকদাৰ আদি কাৰ্য্যকৰ্তা উপস্থিত থাকে ।