ছলমান খান,অক্ষয় কুমাৰ আৰু অনুপম খেৰৰ নিৰাপত্তা বৃদ্ধি

Pc News18

ছলমান খান,অক্ষয় কুমাৰ আৰু অনুপম খেৰৰ নিৰাপত্তা বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেতা ছলমান খান,অক্ষয় কুমাৰ আৰু অনুপম খেৰক তেওঁলোকৰ প্ৰতি ভাবুকি প্ৰকাশ কৰাৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে উন্নত নিৰাপত্তা আৱৰণ প্ৰদান কৰিছে।বলিউডৰ ডাবাং চলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।চলমান খানক ৱাই প্লাছ ছিকিউৰিটী প্ৰদান কৰা হৈছে।মাফিয়াৰ প্ৰাণে মৰাৰ ভাবুকি অহাৰ পিছতেই মুম্বাই আৰক্ষীয়ে ছলমান খানক ৱাই প্লাছ ছিকিউৰিটী প্ৰদান কৰে।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চোৰাংচোৱা তথ্যৰ ভিত্তিত বলীউডৰ চুপাৰষ্টাৰজনক ৱাই-প্লাছ নিৰাপত্তা প্ৰদান কৰা হৈছে। চলমানক এতিয়ালৈকে মুম্বাই আৰক্ষীৰ পৰা নিয়মীয়া আৰক্ষী সুৰক্ষা দিয়া হৈছিল।অৱশ্যে এতিয়া চলমান খান য’লৈকে যায় তেওঁৰ লগত দুজন সশস্ত্ৰ ৰক্ষী থাকিব।তদুপৰি তেওঁৰ বাসগৃহত দুজন সশস্ত্ৰ ৰক্ষী নিযুক্তি দিয়া হৈছে।উল্লেখযোগ্য যে,চলমানৰ উপৰিও, অক্ষয় কুমাৰ আৰু অনুপম খেৰৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে।অক্ষয় আৰু অনুপমক এক্স-শ্ৰেণীৰ সুৰক্ষা দিয়া হৈছে।এই অতিৰিক্ত সুৰক্ষাৰ ব্যয় অভিনেতাসকলে নিজেই সামৰি ল’ব।