চীনত পুনৰ এক নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

PcThe Janambhumi

চীনত পুনৰ এক নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  ক’ৰনাৰ আতংকই শেষ হোৱা নাই।কিন্তু ইয়াৰ মাজতে চীনত পুনৰ এক নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটিছে।এই ভাইৰাছটো হৈছে – জুনোটিক লাংয়া ভাইৰাছ।চীনৰ শ্যানডং আৰু হেনান প্ৰদেশত লাংয়া হেনিপাভাইৰাছ পোৱা গৈছে।এই ভাইৰাছটো জন্তুৰ পৰা মানুহলৈ বিয়পিব পাৰে। এতিয়ালৈকে প্ৰায় ৩৫ জন লোক জুনোটিক লাংগিয়া ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।৩৫ জন ৰোগীৰ ক্ষেত্ৰত জ্বৰ, ভাগৰ, কাহ, ভোক নোহোৱা, পেশীৰ বিষ, মুৰৰ বিষ আৰু বমিৰ দৰে লক্ষণ পোৱা গৈছে।ৰোগীসকলৰ ক্ষেত্ৰত শ্বেত ৰক্ত কণিকা হ্ৰাস হোৱাদেখা গৈছিল।কেৱল এয়াই নহয়, ৰোগীৰ ক্ষেত্ৰত নিম্ন প্লেটলেট, যকৃত বিকল হোৱা আৰু বৃক্ক বিকল হোৱাৰ দৰে লক্ষণো পোৱা গৈছে।সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে টাইৱানে এই ভাইৰাছৰ সংক্ৰমণ চিনাক্ত আৰু নিৰীক্ষণ কৰিবলৈ নিউক্লিক এচিড পৰীক্ষা পদ্ধতি আৰম্ভ কৰিব।চিডিচিৰ উপ-সঞ্চালক প্ৰধানে কৈছিল যে ঘৰুৱা জন্তুৰ ওপৰত কৰা জৰীপত এতিয়ালৈকে কৰা অনুসন্ধানত, ছাগলীত ২ শতাংশ আৰু কুকুৰৰ ক্ষেত্ৰত ৫ শতাংশ ঘটনা পোৱা গৈছে।টাইৱানৰ চিডিচিৰ উপ-সঞ্চালক প্ৰধান চুয়াং ঝেন-হচিয়াঙে দেওবাৰে জনাইছে যে এই ভাইৰাছৰ বিষয়ে কৰা অধ্যয়নত প্ৰকাশ পাইছে যে ভাইৰাছটোৰ মানুহৰ পৰা মানুহৰ মাজত সংক্ৰমণ নাই।অৱশ্যে, তেওঁ কয় যে চিডিচিয়ে এতিয়াও ক’ব নোৱাৰে যে ভাইৰাছটো ব্যক্তিৰ পৰা আন জনলৈ বিয়পিব নোৱাৰে।তেওঁ মানুহক ভাইৰাছটোৰ বিষয়ে অধিক তথ্য নোপোৱালৈকে এই বিষয়ে সতৰ্ক হ’বলৈ কৈছে। আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, লাংয়া হেনিপাভাইৰাছে জীৱ-জন্তু আৰু মানুহৰ ক্ষেত্ৰত গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে।