চি.ইউ.ই.টি. (স্নাতক)‌ৰ দ্বাৰা কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা সকলৰ বাবে ABVP ৰ বিনামূলীয়া পাঠদান

চি.ইউ.ই.টি. (স্নাতক)‌ৰ দ্বাৰা কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা সকলৰ বাবে ABVP ৰ বিনামূলীয়া পাঠদান

ৰঙিলী বাৰ্ত্তাসেৱা-  কটন বিশ্ববিদ্যালয়ত চি ইউ ই টিৰ জৰিয়তে স্নাতক পৰ্যায়ত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এবিভিপিয়ে এক বিনামূলীয়া পাঠদানৰ আৰম্ভ কৰিছে। কটন বিশ্ববিদ্যালয় এবিভিপি গোটৰ উদ্যোগত আৰম্ভ কৰা এই পাঠদান কাৰ্যসূচীত ভট্টদেৱ বিশ্ববিদ্যালয় এবিভিপি গোট, উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় এবিভিপি গোট, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় এবিভিপি গোটে সহযোগ আগবঢ়াইছে । গৱেষক ছাত্ৰ আৰু নিদিষ্ট বিষয়ৰ বিশেষজ্ঞৰ দ্বাৰা নৃতত্ত্ব, সমাজ বিজ্ঞান, মনোবিজ্ঞান, ইতিহাস, অৰ্থনীতি, ইংৰাজী, ভূগোল, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু অসমীয়াৰ বিষয়ৰ পাঠ্যক্ৰমৰ বাবে ডিজিটেল মাধ্যমৰ জৰিয়তে চি ইউ ই টিৰ বাবে ছাত্ৰ-ছাত্ৰীক সহায় কৰা হ’ব। এই বিনামূলীয়া পাঠদানত ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ন সামগ্ৰী আৰু নিয়মীয়া অনলাইন ক্লাছৰ জৰিয়তে CUETৰ বাবে প্ৰস্তুত কৰা হ’ব। এই বিনামূলীয়া পাঠদানৰ বাবে এবিভিপিয়ে পাঁচটা মোবাইল নম্বৰ জাৰি কৰিছে। ৮১৩৫০৬৫৬৪৪ (দেৱানিত দত্ত) ৬০০৩৭৬৩৭২২ (শিৱব্ৰত ভৰদ্বাজ) ৬৯০০৮৯৫২৩২ (ভৱতীৰ্থ গোস্বামী) ৭৮৯৬৫৬৯৭৮০ (গীতসৃষ্টি হাজৰিকা) ৬৯০১৬৪০১৬৪ (দেৱাশিষ পাটোৱাৰী)।এ.বি.ভি.পি. কটন বিশ্ববিদ্যালয় গোটৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে , কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই বিনামূলীয়া পাঠদান আয়োজন কৰা হৈছে, যাতে অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী আৰু দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বা সহায়ক হয় আৰু বিশ্ববিদ্যালয়ত তেওঁলোকে সহজে নামভৰ্তি কৰিব পৰে।