ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা-  ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাৰ লগে লগে অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল। অসম মাধ্যমিক শিক্ষা পৰিষদে এইবাৰ পূৰ্বৰ শীৰ্ষৰ ১০টা স্থানৰ পৰিৱৰ্তে ৩টা স্থানহে ঘোষণা কৰিছে। শীৰ্ষ তিনিটা স্থানত আছে এইবাৰ পাঁচজনকৈ শিক্ষাৰ্থী। ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক ৫৯৩ নম্বৰ লাভেৰে প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অনুৰাগ দলৈয়ে। ৫৯০ নম্বৰ লাভেৰে দ্বিতীয় স্থান লাভ কৰিছে বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ঝৰ্ণা শইকীয়াই। ৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থান দখল কৰিছে মাজুলীৰ কমলাবাৰীৰ আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়াই। ৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থানত আছে বৰপেটাৰ সৰুপেটাৰ ষ্টেলা মেৰিজ স্কুলৰ বেদান্ত চৌধুৰী। ৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থানত আছে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱশ্ৰী কাশ্যপ। উল্লেখ্য যে, ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,১৯,০৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে উত্তীৰ্ণ হৈছে ৩,১৭,৩১৭ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ১,৮৭,৯০৪ গৰাকী, ছাত্ৰীৰ সংখ্যা আছিল ২,৩১,১৬৪ গৰাকী আৰু তৃতীয় লিংগৰ আছিল ১০ গৰাকী। ফলাফল অনুসৰি এইবাৰ মুঠ ৭৫.৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে মেট্ৰিক পৰীক্ষাত। ইয়াৰ ভিতৰত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ আৰু ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ। আনহাতে, তৃতীয় লিংগৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ। ফলাফল অনুসৰি, এইবাৰ ডিষ্টিংচন পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬,৩৯২ গৰাকী, ষ্টাৰ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০,৫৫২ গৰাকী, প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,০৫,৮৭৩ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,৫০,৭৬৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬০,৬৮০ গৰাকী। মুঠ লেটাৰ মাৰ্ক পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ১,৯৩,১৫৯ গৰাকী। সমাজ বিজ্ঞান ৩৬,৯৭৩ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে সৰ্বোচ্চ নম্বৰ। এইবাৰৰ ফলাফলত ৯১.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে চিৰাং জিলাই দখল কৰিছে শীৰ্ষ স্থান। ৮৮.১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত নলবাৰী জিলা , ৮৬.৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত জিলিকিল বাক্সা জিলা।