বিশাল গণসমাৱেশৰে কোকৰাঝাৰত মনোনয়ন দাখিল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ

বিশাল গণসমাৱেশৰে কোকৰাঝাৰত মনোনয়ন দাখিল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰায় পাঁচ সহস্ৰাধিক সমৰ্থনৰ সৈতে শোভাযাত্ৰা কৰি  কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰী গৌৰীশংকৰ শৰণীয়াই মনোনয়ন পত্ৰ দাখিল কৰে । কোকৰাঝাৰ লোকসভা সমষ্টি তথা বি.টি.আৰ.ৰ সৰ্বাঙ্গীন বিকাশৰ সংকল্পৰে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু অন্যান্য দলীয় নেতৃবৃন্দক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াই ।প্ৰাথী গৌৰী শংকৰ শৰণীয়াৰ মনোনয়ন পত্ৰ দাখিল কৰি অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই কয় যে, “ৰাইজে এতিয়া পৰিবৰ্তনতকৈ বেছি পৰিত্ৰাণ বিচাৰিছে। ৰাইজক বিকল্প লাগে আৰু তৃণমূল কংগ্ৰেছ বৰ্তমান সময়ত আটাইতকৈ শক্তিশালী বিকল্প। ৰাইজে তৃণমূল কংগ্ৰেছক শক্তিশালী বিকল্পৰূপে আদৰি লৈছে, যাৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কাৰ্য্যসূচীতেই হাজাৰ হাজাৰ ৰাইজ একত্ৰিত হৈ ওলাই আহিছে। আজি ৰাইজ ওলাই আহিছে পৰিবৰ্তনৰ স্বাৰ্থত, নিজৰ ভবিষ্যত আৰু দেশৰ ভবিষ্যত সুৰক্ষাৰ স্বাৰ্থত। ৰাইজৰ সমৰ্থন আৰু বিশ্বাস আমাৰ বাবে তথা তৃণমূল কংগ্ৰেছৰ প্ৰত্যেক প্ৰাৰ্থীৰ বাবে সকলোৰে উৰ্দ্ধত। ৰাইজৰ বিকাশৰ বাবে, সৰ্বাংগীন উন্নয়নৰ বাবে তৃণমূল কংগ্ৰেছ সদায় বদ্ধপৰিকৰ।আমাৰ বিশ্বাস এই লোকসভা নিৰ্বাচনত ৰাইজে স্বৈৰাচাৰী শাসকক উচিত প্ৰত্যুত্তৰ দিব আৰু তৃণমূল কংগ্ৰেছৰ আটাইকেইগৰাকী প্ৰাৰ্থীক নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰি জয়ী কৰি এক শক্তিশালী বিকল্প হিচাপে বাছি ল’ব। “