ঘাট-প্ৰতিঘাটৰ মাজেৰে গৌৰৱোজ্জ্বল ৭৫ বছৰত ভৰি দিলে শিৱসাগৰ মহাবিদ্যালয়ে

ঘাট-প্ৰতিঘাটৰ মাজেৰে গৌৰৱোজ্জ্বল ৭৫ বছৰত ভৰি দিলে শিৱসাগৰ মহাবিদ্যালয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে গৌৰৱোজ্জ্বল ৭৫ বছৰত ভৰি দিলে শিৱসাগৰ মহাবিদ্যালয়ে।মহাৰজত বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ কলেজখনত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰে।প্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক ওচৰত পায় আনন্দত আত্মহাৰা হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল৷ মহাৰজত জয়ন্তী উদযাপনৰ গৌৰৱময় ক্ষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কলেজ চৌহদত শিৱসাগৰ কলেজৰ প্ৰাণ প্ৰতিষ্ঠাতা, প্ৰতিষ্ঠাপক অধ্যক্ষ তথা ফুলনিৰ কবি পদ্মধৰ চলিহা আৰু কলেজৰ অন্যতম খনিকৰ সেউজ কোঁৱৰ পৰাগধৰ চলিহাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে। অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী মুকলি মঞ্চৰো মুখ্যমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰে। শিৱসাগৰ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পাঁচ কোটি টকা ঘোষণা মুখ্যমন্ত্ৰীৰ।শিৱসাগৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নতি কৰাৰ বাবে শিক্ষামন্ত্ৰীক উদ্যোগ লবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷