গৰখীয়া ল’ৰা মই…- নন্দেশ্বৰ মিলি

pc the indian forum

গৰখীয়া ল’ৰা মই…

গৰখীয়া ল’ৰা মই
পথাৰতে গৰু চৰোঁ
গোহালিতে গৰু বান্ধোঁ
নৈৰ পাৰত বহি
কলীয়া কানাইৰ দৰে
মোহন বাঁহী বজাওঁ।
পুঁৱা হ’লেই
নাঙল-যুঁৱলি কান্ধত লৈ
চহ কৰোঁ পথাৰৰ মাটি
সিঁচি দিওঁ হেঁপাহেৰে
লখিমী গুটি।
সন্ধিয়া পৰত
ধূলিয়াৰি বাটত
গৰুজাকক খেদি খেদি
চাওঁ মই পশ্চিম আকাশত
মাৰ যোৱা ৰঙাবেলি।
নন্দেশ্বৰ মিলি