গোলাঘাটৰ বৃহত্তৰ জামুগুৰি অঞ্চলত বহুমুখী শিক্ষা প্ৰতিষ্ঠান কম্পিউটেক কম্পিউটাৰ ইনষ্টিটিউটৰ শুভাৰম্ভ

*গোলাঘাটৰ বৃহত্তৰ জামুগুৰি অঞ্চলত বহুমুখী শিক্ষা প্ৰতিষ্ঠান কম্পিউটেক কম্পিউটাৰ ইনষ্টিটিউটৰ শুভাৰম্ভ*
——––——————————

গোলাঘাট জামুগুৰি অঞ্চলৰ বহুদিনীয়া অভাৱ পূৰণ কৰি আজি মুকলি হয় কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে বহুমুখী শৈক্ষিক প্ৰতিষ্ঠান । প্ৰতিষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ কৰে অৱসৰপ্ৰাপ্ত কৰ আৰু শুল্ক বিভাগৰ অধীক্ষক দেৱপ্ৰসাদ বৰাই। জামুগুৰি আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ চিত্ৰলেখা কলিতাই দ্বাৰমুকলি কৰে ।সভাৰ উদ্দেশ্য বাখ্যা কৰে মৃগাংক বৰুৱাই। উদ্যোগী তথা উদ্যমী কৃষক দিব্যজ্যোতি গগৈয়ে সঞ্চালনা কৰা সভাত স্থানীয় শিক্ষক তথা সচেতন ব্যক্তি সকলে এই প্ৰচেষ্টাৰ বাবে শলাগ লয় । চৰাইমাৰি হাইস্কুলৰ শিক্ষক তথা জামুগুৰি প্ৰেছক্লাবৰ কাৰ্যকৰী সভাপতি মৃদুল বৰাই এই অনুষ্ঠানটোৰ বাবে মৃগাংক বৰুৱা আৰু প্ৰত্যুষ গগৈৰ ধন্যবাদ জনাই । গোলাঘাটৰ প্ৰাক্তন উপযুক্ত দীপক কুমাৰ গোস্বামী ,ডঃ সত্যজিৎ দাস , আমেৰিকা নিবাসী বিজ্ঞানী ডঃ ৰবাৰ্ট সোণোৱাল , আমেৰিকা ফেৰত অন্যএজন বিজ্ঞানী ডঃ লাচিত শইকীয়া, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী,গোলাঘাটৰ বিশিষ্ট ব্যক্তি ক্ষীৰোদ কুমাৰ গোস্বামী আদি কৰি দহজন পৰামৰ্শদাতা লৈ এখন পৰিচালনা সমিতি গঠন কৰা হয় । প্ৰাক্তন উপায়ুক্ত দীপক কুমাৰ গোস্বামী , অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ সত্যজিৎ দাস , কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ৰজত বৰণ মহন্তই আজিৰ এই অনুষ্ঠানলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে ।অনুষ্ঠানৰ শেষত প্ৰত্যুষ গগৈয়ে শলাগৰ শৰাই আগবঢ়াই সভাৰ সমাপ্তি ঘোষণা কৰে ।
———————————–
মৃগাংক বৰুৱাৰ ৰিপোৰ্ট, গোলাঘাট