টাটা টিয়াগ’ এন আৰ জি নামৰ চাৰিচকীয়া নতুন বাহন মুকলি

বাৰ্তা সেৱা, নগাওঁ
নগাওঁৰ টাটা ডিলাৰ ‘আশুতোষ মটৰ্ছত’ শণিবাৰে টাটা টিয়াগ’ এন আৰ জি নামৰ চাৰিচকীয়া বাহন এখনৰ শুভ মুকলি কৰা হয়।আশুতোষ মটৰ্ছৰ পৰিচালন সঞ্চালক দেৱাশীষ গোস্বামীৰ উপস্থিতিত এচ বি আই ৰ এ.জি.এম ৰাকেশ ৰভিয়ে বাহনখন মুকলি কৰে। অনুস্থানতিত আশুতোষ মটৰ্ছৰ মহাপ্ৰবন্ধক ধ্ৰুৱজ্যোতি গোস্বামী,প্ৰবন্ধক ব্ৰজেন হাজৰিকা, এক্সিচ বেংকৰ প্ৰবন্ধক ৰূপক বৰা,পঞ্জাৱ নেচনেল বেংকৰ প্ৰ-প্ৰবন্ধক দ্বীপজ্যোতি বৰাকে ধৰি আৰু ভালেকেইজন বেংকৰ বিষয়ববীয়া উপস্থিত থাকে।উত্তৰ পূববাসীৰ বাবে মুকলি কৰা এই বাহনখনক লৈ দেশৰ আগশাৰী গাড়ী নিৰ্মাতা টাটা মটৰ্ছ সম্পূৰ্ণ আশাবাদী।৪ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰা বাহনখনত আছে পুচ বটন ষ্টাৰট,টাচ স্ক্ৰীন
ইনফ’টেইনমেণ্ট চিচটেম,ৰিৰ্ভাচ কেমেৰা আৰু চেনচৰ।১৮১ মি.মি গ্ৰাউণ্ড ক্লিয়েৰেনচ থকা বাহন খন মেনুৱেল আৰু এ.এম.টি দুয়োটা ভাৰছনতে উপলব্ধ। বাহন খনৰ এক্স শ্বৰূম মুল্য মেনুৱেল ৬.৫৭ লাখ আৰু এ.এম.টি ৭.০৯ লাখ টকা। উক্ত অনুস্থানতে ৰাইজৰ বাবে টাটা এলট্ৰজ ডাৰ্ক এডিচনটোও মুকলি কৰা হয়।

স্বাগতা বৰুৱা গোস্বামী
নগাওঁ