গুৱাহাটী ষ্টেচনত গাঞ্জা জব্দ

PC- Assam.news18.com

গুৱাহাটী ষ্টেচনত গাঞ্জা জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ মাজেৰে উত্তৰ-পূবৰ অন্য ৰাজ্যলৈ সৰবৰাহ হয় নিষিদ্ধ নিচাজাতীয় সামগ্রী। আজিও এক গোপন সূত্ৰৰ পম খেদি পল্টন বজাৰ ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছত অভিযান চলায়। এই অভিযানকালতেই ৰে’ল আৰক্ষীয়ে জব্দ কৰে ৫১ কেজি পৰিমাণৰ নিষিদ্ধ গাঞ্জা। জব্দ কৰা গাঞ্জাখিনিৰ ক’লা বজাৰত মূল্য প্রায় পাঁচ লাখ টকা। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গাঞ্জাখিনি ৰাজধানী এক্সপ্রেছেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। অৱশ্যে গাঞ্জাখিনি সৰবৰাহ কৰা কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। পূর্বেও গুৱাহাটী ষ্টেচনত নিয়মীয়া তালাচীত নিষিদ্ধ কফ ছিৰাপৰ লগতে নকল সোণ তথা গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল ৰে’ল আৰক্ষী।