গুৱাহাটী মহানগৰীত পূৰ্বৰ দৰে চলিব অʼলা-উবেৰ

pc Pratidin Time

গুৱাহাটী মহানগৰীত পূৰ্বৰ দৰে চলিব অʼলা-উবেৰ

অনলাইন বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত পূৰ্বৰ দৰে চলি থাকিব। অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে এক বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰি সংগঠনটোৰ স্থিতি স্পষ্ট কৰি দিয়ে। তেওঁ লগতে বিবৃতিটোত কয় যে অʼলা- উবেৰৰ বিৰুদ্ধে চালকসকলক শোষণৰ অভিযোগ তুলি দুটা সংগঠনে অʼলা-উবেৰ বৰ্জন কৰিব বিচাৰিছে যদিও ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই। ইয়াৰ বিপৰীতে এটা নতুন কেব সেৱাক আঁকোৱালি লোৱাটোৱেই তেওঁলোকৰ মূল উদ্দেশ্য; যিটো কেব সেৱাই গ্ৰাহকসকলৰ চাহিদা কিমানদূৰ পূৰণ কৰিব পাৰিব, সেই লৈ চালকসকলৰ মাজত বহু প্রশ্ন উত্থাপিত হৈছে। দীর্ঘদিন ধৰি অ’লা-উবেৰত বাহন চলাই যিসকল চালকে জীৱিকা চলাই আহিছে, সেইসকল চালকৰ জীৱিকালৈ নতুন প্ৰতিষ্ঠানটোৱে ভাবুকি কঢ়িয়াই অনাৰ পূৰ্ণ সম্ভাৱনা আছে। অʼলা-উবেৰত বাহন চলাই বহু নিবনুৱাই সংস্থাপন পোৱাৰ লগতে পৰিয়াল চলাই আহিছে।