গুৱাহাটী মহানগৰীত কালীপূজা আৰু দীপাৱলীৰ সুযোগ লৈ সক্ৰিয় অসাধু চক্ৰ 

Pc- IndiaMart

গুৱাহাটী মহানগৰীত কালীপূজা আৰু দীপাৱলীৰ সুযোগ লৈ সক্ৰিয় অসাধু চক্ৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত কালীপূজা আৰু দীপাৱলীৰ সুযোগ লৈ সক্ৰিয় হৈ পৰিছে অসাধু চক্ৰ। অসাধু চক্ৰই মহানগৰ আৰক্ষীৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি গুৱাহাটীৰ বিভিন্ন স্থানত চলাইছে ঝাণ্ডি মুণ্ডাৰ জুৱা।গড়চুক আৰু কটাহবাৰী অঞ্চলত ইনতাজ আৰু চফিকুল নামৰ দুজন লোকে বিগত এসপ্তাহ ধৰি প্ৰতিদিনে লাখ লাখ টকাৰ ঝাণ্ডি মুণ্ডাৰ জুৱা খেল চলোৱা তথ্য পোহৰলৈ আহিছে। ইনতাজ আৰু চফিকুলৰ নেতৃত্বত আইএছবিটিৰ পিছফালে, কটাবাহীৰ নতুন বজাৰ, কটাহবাৰী বজাৰ, কটাহবাৰী ১নং মছজিদৰ পিছফালে ঝাণ্ডি মুণ্ডাৰ জুৱা চলাই আহিছে।প্রাপ্ত তথ্য অনুসৰি, আৰক্ষীক মেনেজ কৰিবলৈ প্ৰতিখন জুৱাৰ পৰা ইনতাজ আৰু চফিকুলে ২৫ হাজাৰকৈ টকা সংগ্ৰহ কৰি আহিছে। আৰক্ষীক মেনেজ কৰাৰ নামত প্রতিদিনে ইনতাজ আৰু চফিকুলে এক লাখকৈ টকা সংগ্ৰহ কৰি মহানগৰ আৰক্ষীৰ একাংশ শীর্ষ বিষয়াক আদায় দি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চাৰিখন জুৱা খেলত ২০ লক্ষাধিক টকাৰ লেনদেন হোৱাৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীক মেনেজ কৰি ইনতাজ আৰু চফিকুলে মুকলিকৈ পতা ঝাণ্ডি মুণ্ডাৰ জুৱা খেলত ইছমাইল আহমেদ ওৰফে বাবুলী, ইছাক আলী, জীয়াউৰ ইছলাম, চালাম আলী, পূর্ণানন্দ বড়োবে সহযোগ কৰি আছে। এই অসাধু চক্ৰটোৱে চলোৱা ঝাণ্ডি  মুণ্ডাৰ জুৱাত সর্বস্বান্ত হৈছে বহু লোক। গড়চুক, কটাহবাৰীত মুকলিকৈ চলা জুৱা খেলৰ পৰা প্রতিদিনে মোটা অংকৰ ধন আৰক্ষীয়ে লাভ কৰাত বঝাণ্ডি মুণ্ডাৰ জুৱাৰী চক্ৰটোক উৎখাত কৰা নাই। কেৱল ঝান্ডি মুণ্ডাই নহয়, ইনতাজে দিনৰ ভাগত কটাহবাৰীত তিনি পট্টীৰো আড্ডা বহুৱাইছে।