গুৱাহাটী প্ৰেছ ক্লাবত ‘স্মৃতিৰ উদয়াচলত শোভা খনিকৰ’ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘স্মৃতিৰ উদয়াচলত শোভা খনিকৰ’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন সাহিত্য পৰিষদ,পাঞ্জাবাৰী শাখা আৰু নলিনীধৰ ভট্টাচাৰ্য সোঁৱৰণী ন্যাসৰ সহযোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত সমাজ- সংবেদী লেখক শোভা খনিকৰৰ জীৱন কৃতি বিষয়ক গ্ৰন্থ ’স্মৃতিৰ উদয়াচলত শোভা খনিকৰ’ উন্মোচন কৰা হয়৷ডা° ৰাজীৱ ভট্টাচাৰ্যই আঁত ধৰা সভাত পৌৰোহিত্য কৰে ধুবুৰীৰ বি এন কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° অহিজুদ্দিন শ্বেখে৷গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নানে৷তেওঁ কয়-স্মৃতি গ্ৰন্থৰ নাম যথাৰ্থ হৈছে৷এজন শিক্ষকে এজন ছাত্ৰৰ গতি সলনি কৰি দিব পাৰে৷ খনিকৰে নীৰৱে কাম কৰিছিল৷তেওঁ প্ৰচাৰ হোৱাটো বিচৰা নাছিল৷বিশিষ্ট কবি সমীন্দ্ৰ হুজুৰীয়ে পৰিচয়সূচক বক্তব্য দাঙি ধৰা সভাত বিশিষ্ট গীতিকাৰ,সুৰকাৰ কীৰ্তিকমল ভূঞা,লেখক দেবেন তামুলী,প্ৰাক্তন অধ্যাপক ড° পৰমানন্দ মজুমদাৰ,লেখক অতুল তামুলী,ৰবীন্দ্ৰ কুমাৰ দাস,মহীকান্ত হাজৰিকা,কবি কৌস্তভমনি শইকীয়া,চিত্ৰ নিৰ্মাতা সঞ্জীৱ সভাপন্দিত,দীনেশ দাসে খনিকৰৰ বক্তিত্বৰ ওপৰত গুণানুকীৰ্তন কৰে৷পত্নী সত্যমণি বৰা খনিকৰে নিজ স্বামীৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰা সভাত ডা° ৰাজীৱ ভট্টাচাৰ্য আৰু প্ৰিয়ম্বদা দাসে গীত পৰিৱেশন কৰে৷প্ৰাৰম্ভণিতে প্ৰয়াত খনিকৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গীতিকাৰ,সুৰকাৰ কীৰ্তিকমল ভূঞাই৷