গুৱাহাটী প্ৰেছ ক্লাবত ভাষা প্ৰকাশনৰ উদ্যোগত গ্রন্থ উন্মোচন

rongilibarta

গুৱাহাটী প্ৰেছ ক্লাবত ভাষা প্ৰকাশনৰ উদ্যোগত গ্রন্থ উন্মোচন
গ্ৰন্থ হ’ল মানুহৰ তৃতীয় চকু – ড° দয়ানন্দ পাঠক –

গুৱাহাটী, বাৰ্ত্তাসেৱা – “সাম্প্রতিক বিভীষিকাময় ৰাজনৈতিক পৰিৱেশৰ মাজতো বৌদ্ধিক চর্চা অক্ষুন্ন ৰখা একাংশ মানুহৰ শুভ চিন্তাই সমাজখনক সদায়ে এক নতুন প্ৰত্যয়ৰে চাবলৈ শিকাই আহিছে। সেয়েহে এনে বৌদ্ধিক তথা সামাজিক ঐক্য আৰু সংহতিৰ বাবে কাম কৰা এই লেখকসকলক আমি নিঃসন্দেহে নতুন সমাজৰ একোজন ৰূপকাৰ বুলি ক’ব পাৰোঁ আৰু তেওঁলোকৰ মৌলিক গ্ৰন্থৰাজিক আমি নিঃসন্দেহে ক’ব লাগিব সমাজৰ তৃতীয় চকু বুলি।” আজি গুৱাহাটী প্ৰেছ ক্লাবত ভাষা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আৰু তফজুল হক বৰবৰা আৰু ৰূপালী মহন্তৰ তিনিখন গ্ৰন্থ উন্মোচন কৰি এই বক্তব্য আগবঢ়াই বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক দয়ানন্দ পাঠকে। তফজুল বৰবৰাৰ ‘পাখি মেলা সপোন’ নামৰ এখন গল্পপুথি আৰু ৰূপালী মহন্তৰ ‘প্ৰৱন্ধ প্রদীপ্তি’ আৰু ‘সংস্কৃতি বিথিকা’ শীর্ষক গ্রন্থকেইখন আনুষ্ঠানিকভাৱে মুকলি কৰে ড° দয়ানন্দ পাঠক, সাহিত্য একাডেমি বঁটাপ্রাপক জয়ন্ত মাধৱ বৰা আৰু বিশিষ্ট মানৱদৰদী চিকিৎসক তথা সু-সাহিত্যিক ডাঃ নৰেশ্বৰ শৰ্মাই। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মাই। ভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্যকর্মীসকলৰ উপস্থিতিত গ্রন্থকেইখনে নতুন চামক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব বুলি মত প্রকাশ কৰে বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই। একেদৰে ডাঃ নৰেশ্বৰ শৰ্মাই তিনিওখন গ্রন্থই এক নতুন সোৱাদ পাঠক সমাজক দিব বুলি আশা প্রকাশ কৰে। ভাষা প্ৰকাশনৰ অধ্যক্ষ মুকুট শৰ্মায়ো নিজৰ বক্তব্য প্ৰদান কৰি সাহিত্য সমাজৰ দাপোণ বুলি মত প্ৰকাশ কৰি সাহিত্য কর্মইহে নতুন অসম গঢ়াত ভূমিকা ল’ব পাৰে বুলি মন্তব্য আগবঢ়াই। এই গ্ৰন্থখনৰ উন্মোচনী সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি লিখকৰ এই প্ৰচেষ্টাক আদৰণি জনায়। গাম্ভীর্য্যপূর্ণ এই গ্ৰন্থ উন্মোচনী সভাৰ আঁত ধৰে পল্লবিকা মহন্তই। এই গ্ৰন্থখন www.vashapublication.inত উপলব্ধ বুলিও প্রকাশন গোষ্ঠীয়ে জানিবলৈ দিয়ে।