খ্ৰীষ্টান ধর্মগুৰু পোপ ফ্রান্সিছক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 

Pc- Zee News

খ্ৰীষ্টান ধর্মগুৰু পোপ ফ্রান্সিছক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- জি ২০ সন্মিলনত অংশ লোৱাৰ বাবে ইটালীত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোমৰ ভেটিকান চিটীত খ্ৰীষ্টান ধর্মগুৰু পোপ ফ্রান্সিছক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে ২০১৩ চনত পোপ হিচাপে অভিষিক্ত হোৱাৰ পাছত পোপ ফ্রান্সিছক সাক্ষাৎ কৰা  প্ৰথমগৰাকী ভাৰতীয় । ভেটিকান চিটীৰ ৰোমান কেথলিক চার্চৰ মুখ্য কাৰ্যালয়ত পোপ ফ্রান্সিছক সাক্ষাতৰ ২০ মিনিট সময় নিৰ্ধাৰিত হৈছিল যদিও প্রধানমন্ত্রী মোদী আৰু পোপ ফ্রান্সিছৰ মাজত এঘণ্টা ধৰি বাৰ্তালাপ চলে। এই বাৰ্তালাপৰ সময়ত প্রধানমন্ত্রী মোদীয়ে পোপ ফ্রান্সিছৰ সৈতে দৰিদ্ৰতা নিৰ্মূল, ক’ভিড-১৯ পৰিস্থিতিৰ লগতে পৃথিৱীখনক এখন সুস্থ বাতাৱৰণৰ গ্ৰহ হিচাপে গঢ়ি তোলাৰ ওপৰত প্ৰাধান্য দিয়ে। পোপ ফ্রান্সিছৰ সৈতে বাৰ্তালাপৰ অন্তত প্রধানমন্ত্রী মোদীয়ে খ্রীষ্টান ধৰ্মগুৰুগৰাকীক ভাৰতলৈ আমন্ত্ৰণ জনায়। ইটালীৰ প্ৰধানমন্ত্রী মাৰিঅ’ ড্ৰাঘিৰৰ আমন্ত্ৰণ মর্মে জি-২০ সন্মিলনত অংশ ল’বলৈ দেশখনত উপস্থিত হোৱা প্ৰধানমন্ত্রী মোদীয়ে পোপ ফ্রান্সিছৰ সৈতে বাৰ্তালাপৰ সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰো উপস্থিত থাকে।প্রধানমন্ত্রী মোদী প্রবাসী ভাৰতীয়ৰ সৈতে অন্তৰংগ আলাপত মিলিত হয় প্রধানমন্ত্রী মোদী। ইটালীত অধ্যয়ন কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ লগতে দেশখনত স্থায়ীভাৱে থকা ভাৰতীয়সকলে প্রধানমন্ত্রী মোদীক উষ্ম আদৰণি জনায়। জি-২০ সন্মিলনত অংশ লোৱা দেশকেইখনৰ মুৰব্বীৰ সৈতেও প্রধানমন্ত্রী মোদীয়ে আলাপ কৰে। জি-২০ সন্মিলন আৰম্ভৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে আটাইবোৰ নেতাৰ সৈতে ‘ফেমিলী ফটো’ত অংশ লয়।