কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ভাৰতৰ অলিম্পিকৰ ইউনিফৰ্ম আৰু আনুষ্ঠানিক কিট উন্মোচন কৰে

pc hindi.news18.com

অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীয় কৰেণ ৰিজিজুৱে যোৱা কালি প্ৰতিযোগী খেলুৱৈসকলৰ বাবে ভাৰতৰ অলিম্পিক ইউনিফৰ্ম আৰু আনুষ্ঠানিক কিট মুকলি কৰে।

টকিঅ’ অলিম্পিকৰ বাবে মাত্ৰ প্ৰায় ৫০ দিন বাকী থকা সময়ত কিৰেণ ৰিজিজু আৰু ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি নৰিন্দৰ বাত্ৰাই খেলুৱৈসকলক উৎসাহিত কৰি তেওঁলোকক তেওঁলোকৰ খেলৰ শ্ৰষ্ঠ প্ৰদৰ্শন দিবলৈ কয় কিয়নো তেওঁলোকে বিশ্বৰ শ্ৰেষ্ঠসকলৰ সৈতে প্ৰতিদ্বন্দিতাত ভাগ লবলৈ আগবাঢ়িছে।

তদুপৰি, ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক অলিম্পিকৰ বাবে প্ৰতিযোগী খেলুৱৈসকলৰ প্ৰস্তুতিক লৈ এখন বৈঠক অনুষ্ঠিত কৰে আৰু সকলোকে তেওঁলোকৰ বাবে উৎসাহিত কৰিবলৈ আহ্বান জনায়।

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰে যে অলিম্পিকৰ পূৰ্বে সকলো খেলুৱৈক কোভিড-১৯ৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ টিকাকৰণ কৰোৱা হ’ব। বিবৃতিটোত কোৱা হৈছে, “প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্দেশ দিছিল যে টকিঅ’ অলিম্পিকলৈ ভ্ৰমণ কৰা প্ৰতিজন যোগ্য / সম্ভাৱ্য খেলুৱৈ, সহায়ক কৰ্মচাৰী আৰু বিষয়াসকলক যিমান সম্ভৱ সোনকালে টিকাকৰণ কৰিব লাগিব,”।