কুমাৰ ভাস্কৰ নাট্য মন্দিৰত জাতীয় শিক্ষানীতিৰ বিৰুদ্ধে ৰাজ্যিক শিক্ষা অভিৱৰ্তন

কুমাৰ ভাস্কৰ নাট্য মন্দিৰত জাতীয় শিক্ষানীতিৰ বিৰুদ্ধে ৰাজ্যিক শিক্ষা অভিৱৰ্তন

ৰঙিলী বাৰ্ত্তাসেৱা-   অল ইণ্ডিয়া ডি এছ অʼৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত  গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত জাতীয় শিক্ষানীতিৰ বিৰুদ্ধে ৰাজ্যিক শিক্ষা অভিৱৰ্তন অনুষ্ঠিত হয়। অভিৱৰ্তনত সভাপতিত্ব কৰে অল ইণ্ডিয়া ডি এছ অʼ অসম ৰাজ্যিক কমিটীৰ সভাপতি প্ৰজ্বোল দেবে। আৰম্ভণিতে অভিৱৰ্তন উদ্ধোধন  কৰে বিশিষ্ট শিক্ষাবিদ ড° ঘনশ্যাম নাথে৷ অধ্যাপক আব্দুছ ছবুৰে জাতীয় শিক্ষা নীতিয়ে কিদৰে শিক্ষাৰ ব্যৱসায়ীকৰণ আৰু সাম্প্ৰদায়িকীকৰণৰ প্ৰক্ৰিয়াক চূড়ান্ত ৰূপ দিব সেয়া ব্যাখ্যা কৰে। অভিৱৰ্তনৰ  মূল প্ৰস্তাৱ উত্থাপন কৰি চৰকাৰৰ সকলো ধৰণৰ শিক্ষা বিৰোধী নীতিৰ বিৰুদ্ধে উন্নত নীতি- নৈতিকতা মূল্যবোধৰ ভিত্তিত ছাত্ৰ আন্দোলনক আগুৱাই লৈ যোৱাৰ বাবে সংকল্প গ্ৰহণ কৰাৰ আহ্বান জনায় অল ইণ্ডিয়া ডি এছ অ’ৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগুয়ে। অভিৱৰ্তনত উপস্থিত থাকি অল ইণ্ডিয়া ডি এছ অʼ সৰ্বভাৰতীয় কমিটীৰ সাধাৰণ সম্পাদক সৌৰভ ঘোষে ভাষণ দিয়ে৷