কাছাৰত ২৮ কোটি টকাৰ ড্ৰাগসহ তিনিজন লোকক গ্ৰেপ্তাৰ

কাছাৰত ২৮ কোটি টকাৰ ড্ৰাগসহ তিনিজন লোকক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। সোমবাৰে অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত মনিপুৰ সীমান্তৱৰ্তী মতিনগৰ‌ত যুটীয়া অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি উদ্ধাৰ হোৱা ড্ৰাগছৰ বজাৰ মূল্য প্রায় ২৮ কোটি টকা লগতে তিনিজন লোকক গ্রেপ্তাৰ কৰা হৈছে। সোমবাৰে সন্ধিয়া শিলচৰত এখন সংবাদ মেলত কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াই কয় যে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত লক্ষ্মীপুৰ থানাৰ অন্তৰ্গত ভুবন পাহাৰৰ পাদদেশৰ মতিনগৰ অঞ্চলত লক্ষ্মীপুৰ আৰক্ষী আৰু আছাম ৰাইফলছে অভিযান চলায়। এই অভিযানৰ সময়ত তিনিজন ড্রাগ্‌ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা ১৪ কিলোগ্রাম ওজনৰ প্ৰায় ১ লাখ ১০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰা হয়। ইয়াৰ লগতে ১০টা চাবোনৰ কেছত বিশেষভাৱে লুকুৱাই ৰখা ২২৩ গ্রাম হেৰ’ইনো উদ্ধাৰ কৰা হয়। ধৃত অভিযুক্ত তিনিজন হৈছে ক্রমে মায়াজুল হক (২৩), ষ্টেলমেন (১৯) আৰু নূৰ হুছেইন (৩২)। তিনিওজনেই কাছাৰ জিলাৰ কচুদম থানাৰ বাসিন্দা। অভিযুক্তৰ বিৰুদ্ধে নার্কটিক ড্রাগ্‌গ্ন এণ্ড চাইক ট্রপিক ছাবষ্টেঞ্চ (এনডিপিএছ) আইনৰ অধীনত গোচৰ ৰুজু কৰি পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সফলতাৰ খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ৷ সামাজিক মাধ্য়ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমত আইনৰ আওতাৰে ড্ৰাগছ মাফিয়াসকল পূৰ্ণ শক্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । কাছাৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত ১.১ লাখ য়াবা টেবলেট আৰু ২২৩ গ্ৰাম হেৰ’ইনৰে বৃহৎ ড্ৰাগছজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ পথত জব্দ কৰা হৈছে, যাৰ মূল্য ২৮ কোটি টকা ৷ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । অসম আৰক্ষীলৈ অভিনন্দন ৷’’