কমনৱেলথ গেমছত ৱেলছক ৪-১ গ’লত পৰাস্ত কৰি পুৰুষৰ হকীৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

pc the hindu

কমনৱেলথ গেমছত ৱেলছক ৪-১ গ’লত পৰাস্ত কৰি পুৰুষৰ হকীৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   পুৰুষৰ হকী গ্ৰুপৰ অন্তিমখন খেলত ভাৰতে ৪-১ গ’লত ৱেলছক পৰাস্ত কৰি কমনৱেলথ গেমছ ২০২২ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে।পুল বিত ভাৰত শীৰ্ষ স্থানত আছে। কমনৱেলথ গেমছত একেৰাহে চতুৰ্থবাৰৰ বাবে ভাৰতে  পুৰুষৰ হকী ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।  গুৰুত্বপূৰ্ণ মেচখনৰ ১৮, ১৯ আৰু ৪১ মিনিটত হৰমনপ্রীতে গ’ল স্ক’ৰ কৰি হেটট্ৰিক অৰ্জন কৰাৰ পাছত ৪৯ মিনিটত গুৰ্জন্ত সিঙে ভাৰতীয় দলটোৰ হৈ চতুৰ্থটো গ’ল স্ক’ৰ কৰে। ইফালে, ৫৫ মিনিটত গাথে ফু ৰলঙে ৱেলছৰ হৈ একমাত্ৰ গ’লটো কৰে। উল্লেখ্য যে প্রতিযোগিতাখনত ভাৰতীয় পুৰুষ দলটোৰ এয়া আছিল তৃতীয় জয়। ভাৰতীয় দলটোৱে চাৰিখন মেচৰ এখনত ড্র খেলে।