কবিতা মৰণাস্ত্ৰ হওক – বিউটী  হাজৰিকা 

PC Literary hub

কবিতা মৰণাস্ত্ৰ হওক

বিউটী  হাজৰিকা 
 কলিয়াবৰ।

জীৱনক শুভেচ্ছাৰে বৰমালা
পিন্ধাবলৈ অসমৰ্থ হঁত
নিজক বিচাৰি বিশ্বত ঢপলিয়াই ফুৰি
মাইলখুতি বিচাৰি ফুৰা পদে পদে
বগাই ফুৰা তহঁতৰ বাবে কবিতা
মৰণাস্ত্ৰ হওক ….

মাফিয়া ছদ্মনাম যাৰ
অৰ্থৰ বিনিময়ত আত্মীয় পণ্য যাৰ,
তাক কবিতাই খুচি শেষ কৰক
কবিতা মৰণাস্ত্ৰ হওক।

বহু বছৰ ৰাইজক আঁঠু কঢ়াই
এটা দিনৰ বাবে নিৰ্দ্দিষ্ট কেইটামান মাহত,
ৰাইজৰ চৰণ পখালি পেলোৱা,
বস্তুবাদী বোৰৰ বাবে কবিতা
মৰণাস্ত্ৰ হওক।

নাৰীবাদীৰ বৰফলাত ভাষণ দি
অকলশৰীয়াৰ চৰিত্ৰক মাছৰ দৰে
বাচি ফুৰা সেইসকলৰ বাবে
কবিতা মৰণাস্ত্ৰ হওক।

আকাশৰ তলত পুনৰ অপৰাধৰ
কল্পনা কৰিবলৈ ন্যায়ালয়ে ,
মুকলি কৰি দিয়া
নপুংসকৰ বাবে সেই বাখ্যাতিত আইনৰ বাবে
কবিতা মৰণাস্ত্ৰ হওক।

জয়াল হাবিখনৰ চুবুৰীত বাস কৰা
পদুমীহঁতক নিচিনা আঁচনিবোৰ,
হিতাধিকাৰী শব্দ বিভক্তিয়ে পাছে পাছে
নেখেদা সেই পদুমীৰ ঘৰৰ দৰে
পৰিয়ালবোৰে পাকে পাকে চৰকাৰৰ ঘৰৰ
বিষয়ববীয়া বোৰক হাত পাতিব লগীয়া
সেই আঁচনিৰববীয়া সকলৰ বাবে
কবিতা মৰণাস্ত্ৰ হওক।