২১জুন আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস – জ্যোতি স্মিতা গোস্বামী শৰ্মা

Pc GQ India

২১জুন আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস

জ্যোতি স্মিতা গোস্বামী শৰ্মা

সংস্কৃত ” যুঁজ “ধাতুৰ পৰা যোগ শব্দৰ উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হ’ল লগ লগোৱা, আত্মাৰ লগত পৰামাত্মৰ মিলন, শৰীৰ আৰু মনৰ মিলন, দুখ – বেদনাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰমাত্মৰ লগত যোগাযোগ স্থাপন। গীতাত কৈছে “যিজনে নিজৰ মন বুদ্ধি, বিবেক আৰু আত্মাক নিয়ন্ত্ৰণত ৰাখিব পৰিছে সেইজনে প্ৰকৃতাৰ্থত জীৱনত সাফল্য লাভ কৰি স্বৰ্গীয় আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে।”

যোগাভ্যাসৰ উদ্দেশ্য হ’ল ব্যক্তিক সুস্বাস্থ্য, সহনশীল আৰু মানসিক সুস্থতা প্ৰদান কৰা। স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ৰ ক্ষেত্ৰত যোগবিদ্যা মহৌষধ স্বৰূপ। সু -স্বাস্থ্যবান দেহাতহে সু-স্বাস্থ্যবান মন এটা গঢ়ি উঠিব পাৰে আৰু ইয়াৰ দ্বাৰা বৃহৎ কামত মনৰ দৃঢ়তা,একাত্মবোধ আনিবলৈ ব্যক্তি জন সমৰ্থ হয়।

যোগে ব্যক্তিক শৃঙ্খলাবদ্ধ‌‌‌ কৰাৰ লগতে ইতিবাচক দৃষ্টি ভঙ্গী আনে আৰু আমাক আমাৰ শৰীৰক প্ৰকৃতিৰ সৈতে সংযোগ কৰাত সহায় কৰে। যোগৰ জনক হৈছে ভগৱান শিৱ শঙ্কৰ। তেওঁৰ আন এটা নাম আদিযোগী শিৱ।

বৰ্তমান যোগ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। ই সমগ্ৰ বিশ্ব মানবৰ বাবে অমূল্য সম্পদ স্বৰূপ।জনসাধাৰণৰ মাজত  যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰতি বছৰে ২১জুন তাৰিখে যোগ দিৱস উদযাপন কৰা হয়। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪চনত পোন প্ৰথমে ২১জুন তাৰিখটো যোগ দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পাছত United Nations General Assembly (UNGA) এই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ২০১৫চনৰ ২১জুনত  সমগ্ৰ বিশ্বত আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। যোগ দিৱস ২০১৫চনৰ ২১জুনত নতুন দিল্লীৰ ৰাজ পথত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানটোৱে গীণিজ ৱৰ্ল্ড অভিলেখ পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছিল।

যোগ দিৱস প্ৰতি বছৰে নতুন নতুন বিষয়বস্তু লৈ উদযাপন কৰা হয়। বিষয়বস্তু সমূহ ক্ৰমে —–

” সম্প্ৰীতি আৰু শান্তিৰ বাবে যোগ”, “যুৱ প্ৰজন্মক সংযোগ কৰক ” ,”সুস্বাস্থ্যৰ বাবে যোগ “,মানৱতাৰ  বাবে যোগ ” আদি ।

নিয়মিত যোগাভ্যাসে বিভিন্ন গ্ৰন্থিক সুস্থ -সবল কৰি তোলে।যাৰ ফলত গ্ৰন্থিবোৰৰ পৰা সঠিক মাত্ৰাত নিৰ্গত হোৱা ৰসে শৰীৰটোক সতেজ স্বাস্থ্যবান কৰি তোলাত নিশ্চিত ভূমিকা গ্ৰহণ কৰে।আহকচোন আমিও ২০২6চনৰ যোগ দিৱসৰ দিনাৰ পৰাই যোগাভ্যাস কৰিবলৈ সংকল্পবদ্ধ হওঁ।