কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত এন এছ এছৰ শাখা উদ্বোধন

কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত এন এছ এছৰ শাখা উদ্বোধন আৰু ‘মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প’ৰ লগত সংগতি ৰাখি চৌহদত বৃক্ষ ৰোপণ

আদিলুৰ ৰহমান,টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত আজি এন এছ এছৰ শাখা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৱাজীদুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এন এছ এছৰ শাখা উদ্বোধনী সভাখনত প্ৰৱক্তা আশ্রফ ৱাহিদ উপস্থিত থাকি এন এছ এছৰ ওপৰত বিস্তৃত আলোচনা কৰাৰ লগতে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কয় পাঠ্য পুথি অধ্যয়ন কৰাৰ বাহিৰেও তোমালোকক গাঁৱৰ ৰাইজৰ মাজলৈ সোমাই দিয়া হব। সম্প্ৰতি সমাজত চলি থকা সামাজিক ব্যাধি যেনে ড্ৰাগছ, মদ, ভাং নিচা জাতীয় দ্ৰব্য আদিৰ ওপৰত সজাগতা শিবিৰ,আলোচনা চক্ৰ পাতি এইবোৰ নিৰ্মূল কৰি সমাজখন আগুৱাই নিব লাগিব। ৱাহিদে লগতে ৰাষ্ট্ৰীয় একতা, জাতীয় উৎসৱ, তেজ দান শিবিৰ, শ্ৰম দান দি ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ আহ্বান জনায়। ধিং মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰৱক্তা আব্দুল কাদিৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি এন এছ এছৰ আৰু বৃক্ষ ৰূপনৰ ওপৰত ভাষণ প্ৰদান কৰে। অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা ৰাজ্যজুৰি আৰম্ভ কৰা ‘মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প’ৰ লগত সংগতি ৰাখি কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বৃহৎ পৰিসৰত বৃক্ষৰোপণ কাৰ্যসূচী অনুুষ্ঠিত হয়।কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰা, ঔষধি আৰু ফলমূলৰ উদ্ভিদকে ধৰি গুৰুত্বপূৰ্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ, প্ৰাতিষ্ঠানিক চৌহদৰ সেউজ সৌন্দৰ্য বৃদ্ধি, জলবায়ু পৰিৱৰ্তন প্ৰশমনত সামূহিক অংশগ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰা, পৰিৱেশ সংৰক্ষণৰ যোগেদি জীৱনৰ সৌন্দৰ্য বৃদ্ধি কৰা আৰু চৌপাশত নিৰ্মল বায়ু লাভ কৰাৰ মহান উদ্দেশ্যে আজি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষক আৰু ছাত্র ছাত্ৰী সকলে বৃক্ষৰোপণ কৰে।সভাখনত কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ এহিয়া খান, নজৰুল আনচাৰী ,বীৰেন মহন্ত, ৰবীন বৰদলৈকে আদি কৰি ছাত্ৰ ছাত্ৰী সকল উপস্থিত আছিল।