“কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলবাসীক অপমান কৰিছে”- ড০ কে. লক্ষ্মন 

“কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলবাসীক অপমান কৰিছে”- ড০ কে. লক্ষ্মন 

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জনতা পাৰ্টি সর্বোচ্চ নীতি নিৰ্দ্ধাৰণ কাৰ্যকৰণী সমিতি তথা নির্বাচন সমিতিৰ অন্যতম সদস্য ৰাজ্যসভাৰ সাংসদ, অবিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ড০ কে লক্ষ্মন আজি গুৱাহাটীৰ বিমান বন্দৰত অৱতৰণ কৰি পোনে পোনে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় নেতাজনে বিজেপি অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নেতাজনে অহা ৫ মাৰ্চত কামৰূপ জিলাৰ (মেট্ৰ) ক্ষেত্ৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চা, অসম প্ৰদেশৰ কার্যনির্বাহক সভাত অংশগ্রহণ কৰিব। সাংবাদিক সকলৰ লগত মত বিনিময় কৰি ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক ভূয়সী প্রশংসা কৰে। লগতে উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ উত্তৰ-পূববাসীক ধন্যবাদ জ্ঞাপন কৰে । প্ৰসংগক্ৰমে উল্লেখ কৰে যে কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলবাসীক অপমান কৰিছে। হৈ যোৱা তিনিখন ৰাজ্যৰ নিৰ্বাচনক সৰু সৰু ৰাজ্যৰ নিৰ্বাচন বুলি উপসাহ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবে বিগত নটা বছৰত অভূতপূর্বভাৱে উন্নতিৰ দিশে আগবাঢ়িছে বুলি বক্তব্য আগবঢ়ায় ৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ ৰাষ্ট্ৰীয় স্তৰত জনপ্ৰিয়তা আৰু অসমৰ ক্ষেত্ৰত লোৱা জলকল্যাণমূলক বলিষ্ঠ পদক্ষেপ সমূহে অতিকৈ আদৰণীয় বুলি মত পোষণ কৰে । অবিচি মৰ্চাৰ ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক দাদুমনি বৰাই আঁত ধৰা সংবাদমেলত অবিচি মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বিশাল টেণ্ডল, উপ সভাপতি পংকজ দাস আৰু ভনিতা মেধি, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় সৌৰভ কুমাৰ নাথ, নিপন চেতিয়া আৰু ৰাজ্যিক সম্পাদক কুলদ্বীপ পৰা উপস্থিত থাকে ।