এ.বি.ভি.পি. ৰ ৰাজ্যজুৰি ভোগালী বিহুৰ শুভেচ্ছাবাৰ্তা

p.c- Facebook

এ.বি.ভি.পি. ৰ ৰাজ্যজুৰি ভোগালী বিহুৰ শুভেচ্ছাবাৰ্তা

ৰঙিলী বাৰ্ত্তাসেৱা- ক’ৰ’ণাৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিগত সময়ছোৱাত বিভিন্ন উৎসৱ-পাৰ্বনসমূহ বাধ্যবাধকতাৰ মাজত পালন কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অসমীয়াৰ বাপতিসাহোন্ বিহু তিনিটিৰ অন্যতম হেঁপাহৰ ভোগালী বিহুটি পালন কৰিবলৈ ৰাজ্যজুৰি ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন আৰ্হিৰে ভেলাঘৰ সজা হৈছে । উৰুকাৰ ভোজৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত দোকমোকালিৰে পৰা এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে । ভোগালীৰ ভোজৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী গোটাই অনাৰ বাবে গাঁৱে-ভূঞে, নগৰে-চহৰে পুৱাৰে পৰাই ৰাইজে হেতা-ওপৰা লগাইছে । ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিটো পৰিয়ালতে পিঠা-পনা প্ৰস্তুত কৰি অতিথিক আপ্যায়নৰ যো-জা কৰিছে ।

ঠেৰেঙা লগা শীতৰ প্ৰায় অৱসান হৈ সূৰ্যৰ উত্তৰায়ণ হ’বলৈ আৰম্ভ কৰিছে । মেজিৰ পবিত্ৰ জুইত ঈৰ্ষা,গ্লানি,ভেদভাৱৰ দহন হৈ পাৰস্পৰিকতা বৃদ্ধি হওক ।

ভোগালী বিহু উপলক্ষে ৰাজ্যিক সভাপতি অধ্যাপক মাননীয় ৰবীন কাকতি চাৰে ৰাজ্যবাসীক শুভেচ্ছা জনাই কয় যে এই উৎসৱে ৰাজ্যবাসীৰ মাজত ঐক্য-সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰিব । আনহাতে ৰাজ্যিক সম্পাদক মাননীয় সীমান্ত কুমাৰ বৈশ্য ডাঙৰীয়াই ভোগালী বিহু উপলক্ষে ৰাজ্যবাসীক সম্বোধন কৰি কয় যে এই উৎসৱে আমাৰ কৰ্ম দক্ষতা বৃদ্ধি কৰাৰ লগতে কৃষিৰ ক্ষেত্ৰতো যুৱ সমাজ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব লগতে সম্পূৰ্ণ ক’ভিড বিধি পালনৰ মাজেৰে হেঁপাহৰ বিহুটি পালন কৰিবলৈ আহ্বান জনায় ।