এলেন গুৱাহাটীয়ে জেইই-এডভান্সড-এনইইটি-ইউজিত উৎকৃষ্ট প্ৰদৰ্শন কৰা শিক্ষাৰ্থীক সম্বৰ্ধনা

এলেন গুৱাহাটীয়ে জেইই-এডভান্সড-এনইইটি-ইউজিত উৎকৃষ্ট প্ৰদৰ্শন কৰা শিক্ষাৰ্থীক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  এলেন গুৱাহাটীয়ে জেইই-এডভান্সড আৰু এনইইটি-ইউজি 2021ত উৎকৃষ্ট প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক মঙলবাৰে গ্ৰীণ উড ৰিজৰ্টত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ লগতে নগদ পুৰস্কাৰ আৰু স্মাৰক প্ৰদান কৰা হয়। অনুষ্ঠানত সঞ্চালক নবীন মহেশ্বৰী, সম্পূৰ্ণ সময়ৰ কাৰ্যবাহী কেশৱ মহেশ্বৰী,উপ সভাপতি জে জে আগৰৱালা,বীজেশ কুমাৰ যাদৱ আদি কেইবাজনো শিক্ষক- শিক্ষয়িত্ৰী,অভিভাৱক উপস্থিত থাকে। অনুষ্ঠানটো বীৰ লাচিত বৰফুকনৰ এটা ভিডিঅ’ৰ সৈতে আৰম্ভ কৰা হয় আৰু তাৰ পাছতে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়৷অনুষ্ঠানত সঞ্চালক নবীন মহেশ্বৰীয়ে ভাষণত কয়- প্ৰতি বছৰে, এলেনে সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদান কৰি আছে । কেৱল এয়াই নহয়, শিক্ষাৰ্থীসকলে পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰি নতুন অভিলেখ স্থাপন কৰিছে । আমাৰ লক্ষ্য হৈছে প্ৰতি বছৰে নতুন উচ্চতা প্ৰাপ্ত কৰা । এই বছৰ, এলেনৰ মৃদুল আগৰৱালে জেইই-এডভান্সডত সৰ্বভাৰতীয় স্থান-১ সুৰক্ষিত কৰে। ইয়াৰ উপৰিও, ৪৯ জন শিক্ষাৰ্থী শীৰ্ষ-১০০ ত আছিল, অৰ্থাৎ প্ৰতি দ্বিতীয় শিক্ষাৰ্থী এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ আছিল।আমি বিভিন্ন ক্ষেত্ৰত সম্প্ৰসাৰিত হৈ আছো। আমাৰ লক্ষ্য হৈছে ২০২৮ চনৰ ভিতৰত ২.৫ কোটি শিক্ষাৰ্থীৰ ওচৰলৈ যোৱা আৰু আমাৰ দলটোৱে এই অভিযানটো ফলপ্ৰসূভাৱে সম্পূৰ্ণ কৰিবলৈ অতি নিষ্ঠাৰে কাম কৰি আছে। এটা পৰিয়াল হিচাপে একেলগে, এলেনে নতুন উচ্চতা প্ৰাপ্ত কৰিছে। শিক্ষাৰ্থীসকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছোঁ৷এলেন শিক্ষাৰ্থীসকলক প্ৰতিটো সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কেৱল এয়াই নহয়, আমি সামাজিক কাৰণত অংশগ্ৰহণ কৰিবলৈ নিৰন্তৰ চেষ্টা কৰোঁ। এলেনত অভিযন্তা আৰু চিকিৎসকৰ বহুসংখ্যক শিক্ষাৰ্থীৰ কেৰিয়াৰৰ সপোন পূৰণ হয়।আমাৰ লক্ষ্য হৈছে সম্পদৰ অভাৱৰ বাবে কোনো শিক্ষাৰ্থীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নালাগে।উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলৰ সপোন পূৰণ কৰা হৈছে৷বিজয় উদ্‌যাপনত সম্বৰ্ধনা জনোৱা শীৰ্ষ শিক্ষাৰ্থীসকল হ’ল-জেইই-এডভান্সড এআইআৰ-৭১৪ আৰু নৰ্থ ইষ্ট শীৰ্ষস্থান জেইই (মেইন) ২০২১ সৌম্যদীপ পল,এআইআৰ-১৩৮০ ডেব্ৰাজ দে, এআইআৰ-১৫২০ জিতাৰ্থ তালুকদাৰ, এআইআৰ-২০৬১ আৰু উত্তৰ-পূব শীৰ্ষস্থান জেইই (মেইন) বি.আৰ্ক ২০২১ হৃষীকেশ ডেকা, এআইআৰ – ৪৫০৫ আৰু অসমৰ ছোৱালী শীৰ্ষস্থান জেইই (মেইন) পৰিধি বৰুৱা আৰু ডৰথী ফুকন মেঘালয় শীৰ্ষস্থান জেইই (মেইন) বি.আৰ্ক ২০২১ত শীৰ্ষস্থান প্ৰাপ্ত। এনইইটি (ইউজি) ২০২১- অসম ৰাজ্যিক শীৰ্ষস্থান নিৰ্লাভ ভূঞা (৬৮৫/৭২০) নম্বৰ, অভিনৱ ভূঞা (৬৭৬/৭২০ নম্বৰ), নীলাভ নিলিম দাস (৬৬৯/৭২০ নম্বৰ) , গাৰ্গী বৰাই (৬৬২/৭২০ নম্বৰ) আৰু অদ্বিত্য খাউণ্ড (৬৫৭/৭৭০) নম্বৰ পাবলৈ সক্ষম হৈছে৷অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাজনো ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক- শিক্ষাৰ্থীয়ে গীত-মাত,নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে৷