এনিশাৰ কথাবোৰ – জ্যোতিময়ী দেৱী

pc Pinterest

এনিশাৰ কথাবোৰ

নিশব্দ ফাগুনৰ বতাহজাকে
আজি আকৌ মনত পেলাই গ’ল এৰি অহা দিনবোৰ
সেই যে ফাগুন ফুলা দিনত তুমি যে তুলসীৰ মালা পিন্ধি
মোৰ ঘৰলৈ গৈছিলা
কপালত আকিছিলা তেজৰঙী পলাশৰ এটি ৰঙচুৱা বেলি ।
আজি ২১টা বছৰ গৰকিল
সুখে দূখে ।
ফাগুন ফুলা পদূলিত আজি মোৰ এটাই প্ৰাৰ্থনা
অনাগত দিনবোৰো যাতে আমাৰ সুখৰ হওঁক।
এইয়া নেদেখা জনলৈ দুয়োৰে প্ৰাৰ্থনা।

জ্যোতিময়ী দেৱী
মিছামৰা গোলাঘাট