এনকাউন্টাৰৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ

এনকাউন্টাৰৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰনেতাৰ ওপৰত পুলিচী এনকাউন্টাৰৰ নামত গুলী চলোৱাৰ বৰ্বৰোচিত ঘটনা সহ ৰাজ্যৰ বুকুত সংঘটিত ধাৰাবাহিক পুলিচী এনকাউন্টাৰৰ বিৰুদ্ধে অল ইণ্ডিয়া ডি এছ অ’ , অল ইণ্ডিয়া ডি ওয়াই অ’ আৰু অল ইণ্ডিয়া মহিলা সা‍ংস্কৃতিক সংগঠনে ৰাজ্য ব্যাপী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । নগাঁওৰ নৃশংস ঘটনাৰ বিৰুদ্ধে আজি দিনৰ ২ বজাত গুৱাহাটীৰ উলুবাৰীত সমবেত হৈ প্ৰতিবাদকাৰীসকলে ” নগাঁওৰ এনকাউন্টাৰ পাশবিক ঘটনাৰ বিচাৰ বিভাগীয় তদন্ত ক্ৰমে দোষী পুলিচ বিষয়াক দৃষ্টান্তমূলক শাস্তি দিয়ক , বিচাৰ প্ৰক্ৰিয়াক বৃদ্ধাগুষ্ঠ দেখুৱাই এনকাউন্টাৰৰ নামত গুলীয়াই হত্যা কৰাৰ ফেচিস্ট কাৰ্যকলাপ বন্ধ কৰক, অসমত পুলিচী শাসন বন্ধ কৰক , এনকাউন্টাৰৰ নামত গুলীয়াই হত্যা কৰাৰ ক্ষমতা পুলিচক প্ৰদান কৰা নচলিব , মদ -ড্ৰাগছৰ প্ৰচলন অবিলম্বে বন্ধ কৰক,গণতান্ত্ৰিক বিচাৰৰ ঠাইত নৃশংস এনকাউন্টাৰ অবিলম্বে বন্ধ কৰক ” আদি শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ গুৱাহাটীৰ উপৰিও নগাঁও , নলবাৰী , উত্তৰ লক্ষীমপুৰ ,যোৰহাট, বাইহাটা চাৰিআলি ,হাইলাকান্দি সহ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীয়ে আজি এক প্ৰেছ বিবৃতি যোগে কয় নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ নেতাৰ ওপৰত এনকাউন্টাৰৰ ঘটনাক তীব্ৰ গৰিহণা জনাই কয় যে ৰাজ্যত বিজেপি চৰকাৰ আকৌ ক্ষমতাসীন হোৱাৰ পিছত অপৰাধ নিয়ন্ত্ৰণৰ কথাকৈ পুলিচক হত্যা কৰাৰ ক্ষমতা প্ৰদান কৰিছে আৰু তাৰ পিছৰে পৰা ধাৰাবাহিক এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈ আছে আৰু বহু ক্ষেত্ৰত নিৰীহ মানুহক শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ যোগেদি আদালতৰ মজিয়াত গণতান্ত্ৰিক বিচাৰ প্ৰক্ৰিয়াৰ যোগেদি আৰু উপযুক্ত সাক্ষ্য প্ৰমাণৰ ভিত্তিত অভিযুক্তক অপৰাধী হিচাবে প্ৰমাণ কৰিব পাৰিলেহে শাস্তি প্ৰদান কৰা আৰু এই প্ৰক্ৰিয়াত অভিযুক্তৰ আত্মপক্ষ সমৰ্থনৰ যি সুযোগ আছে তাকো পদদলিত কৰা হৈছে। এনেধৰণৰ ঘটনাই চৰকাৰৰ দুৰভিসন্ধিক উদঙাই দিয়ে। পুলিচক একপক্ষীয়ভাবে বিচাৰ কৰাৰ ক্ষমতা প্ৰদান কৰা আৰু অভিযুক্তক গুলীয়াই হত্যা কৰাৰ ক্ষেত্ৰত উদগণি যোগোৱা ফেচিস্ট কাৰ্যকলাপ অবিলম্বে বন্ধ হোৱা দৰকাৰ। অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীয়ে অবিলম্বে পুলিচী শাসন বন্ধ কৰি গণতান্ত্ৰিক বিচাৰ প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়। তদুপৰি এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা যাতে আৰো সংঘটিত নহয় তাৰ বাবে ৰাজ্য চৰকাৰক বাধ্য কৰিব পৰাকৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ ৰাজ্যৰ শুভবুদ্ধিসম্পন্ন মানুহক আহ্বান জনায়। ইয়াৰ লগতে অনলাইন যোগেদি মদ বিক্ৰীৰ ব্যৱস্থা কৰা আৰু বৰ্ষবৰণৰ সময়ত সুৰা বিক্ৰীৰ ৰেকৰ্ড সৃষ্টিত অৰিহণা সৃষ্টিকাৰী ৰাজ্য চৰকাৰক ভেকোভাওনা নকৰাকৈ মদ – ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দৃঢ়তাৰে দাবী জনোৱা হয়।