এটি শুধৰণি – প্ৰস্তুতি শৰ্মা । গোলাঘাট (মিছামৰা)

pc-printrest

এটি শুধৰণি ।

লজ্বাসিক্ত নয়নেৰে এটি প্ৰশ্ন কৰো
দিবানে মোক সেই প্ৰশ্নৰ উত্তৰ
পাৰিবানে দিব তুমি মোক ক্ষমা কৰি ?
কৰি দিব পাৰিবানে ভুলৰ শুধৰণি ?
হয়……,
অতীত গুচি যাব চকুলো তিয়াই
বৰ্তমানক গোপনে কথা কৈ
গুচি যাবা তুমিও এদিন আন এক জীৱনলৈ ,
থাকি যাব সেই ভুলবোৰ ছায়া হৈ
প্ৰতিশ্ৰুতি মাথোঁ আজি এটাই ,
যোৱাৰ আগতে কৰি দিবা
এটি মাথোঁ শুধৰণি ।
তাৰ কামনাৰে কবিতাৰ
পেলালো ইতি ………।

— প্ৰস্তুতি শৰ্মা ।
গোলাঘাট (মিছামৰা)