‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’ আঁচনিৰ অধীনত ৭৭ কোটি লোকক সামৰি লোৱা হৈছে: কেন্দ্ৰ

pc ET Government

‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’ আঁচনিৰ অধীনত ৭৭ কোটি লোকক সামৰি লোৱা হৈছে: কেন্দ্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা মন্ত্ৰী পীয়ুষ গোৱেলে লোকসভাত জনায় যে দেশৰ প্ৰায় ৭৭ কোটি লোকক ‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’ আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। “আঁচনিখন এতিয়া ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত উপলব্ধ,” মন্ত্ৰীজনে কয়। এই আঁচনিয়ে ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ দেশজুৰি বহনযোগ্যতাৰ অনুমতি দিয়ে বুলি তেওঁ কয়।