“এক ভাৰত, শ্ৰেষ্ঠ ভাৰত” কাৰ্যক্ৰমৰ সংগতি ৰাখি ৰাজ্যিক বিজেপিৰ উদ্যোগত নাগালেণ্ড দিৱস উদযাপন

“এক ভাৰত, শ্ৰেষ্ঠ ভাৰত” কাৰ্যক্ৰমৰ সংগতি ৰাখি ৰাজ্যিক বিজেপিৰ উদ্যোগত নাগালেণ্ড দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  নৰেন্দ্ৰ মোডীৰ আগ্ৰহ অনুসৰি লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪০ সংখ্যক জন্মজয়ন্তী উপলক্ষে ১৫ দিনীয়াকৈ সমগ্ৰ দেশজুৰি “এক ভাৰত শ্রেষ্ঠ ভাৰত” শীর্ষক কার্যক্রম আয়োজন কৰা হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ নাগৰিকসকলৰ মাজত একতা আৰু সাংস্কৃতিক মিলনৰ ভাৱনা সৃষ্টিয়েই হৈছে ইয়াৰ মূল উদ্দেশ্য । সেয়ে “এক ভাৰত শ্রেষ্ঠ ভাৰত” শীর্ষক কাৰ্যক্ৰমৰ মাধ্যমেৰে প্ৰতিখন প্ৰদেশৰ স্থাপনা দিৱসৰ দিনটোত অথবা ইয়াৰ আশে-পাশে অন্য নির্বাচিত প্ৰদেশৰ নাগৰিকৰ মাজ সমন্বয় আৰু মিলনৰ বাৰ্তা প্ৰেৰন কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।এই কাৰ্যসূচীৰ অংশ হিচাপে ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম আৰু নাগালেণ্ডৰ প্ৰতিনিধিবৰ্গৰ অংশগ্ৰহণেৰে এক সদ্ভাৱনা অনুষ্ঠানৰ আয়োজন হৈ যায়। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, বিশিষ্ট শিক্ষাবিদ ড০ ননী গোপাল মহন্ত, “এক ভাৰত শ্রেষ্ঠ ভাৰত” কাৰ্যক্ৰমৰ অসম প্ৰান্তৰ আহ্বায়ক নৱ কুমাৰ দলেৰ লগতে নাগালেণ্ডৰ নিমন্ত্ৰিত অতিথি সকল উপস্থিত থাকে৷আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, মাননীয় নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত হোৱাৰে পৰাই দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন নাগৰিকক সাঙুৰি ভাৰতক বিশ্বগুৰু আসনত দিশে আগুৱাই নিছে। প্ৰধানমন্ত্ৰী গৰাকীৰ সদিচ্ছাৰ বাবেই আজি অসম তথা উত্তৰ পূৰ্বাঞ্চল দেশৰ অন্যান্য প্ৰান্তৰ লগত ফেৰ মাৰিব পৰাকৈ অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি দিশত আগুৱাই যাবলৈ সক্ষম হৈছে।