একেলগে বলিছে দুছাটি বতাহ – ইভা গন্ধীয়া ফুকন 

Pc Adobe Stock
একেলগে বলিছে দুছাটি বতাহ 
 ইভা গন্ধীয়া ফুকন 
এতিয়াও মই মাজনিশা সাৰ পাওঁ
অকলসৰে নিজৰ সতে কথা পাতো
মই ভালে আছোনে বুলি সোধো নিজকে
উটি যাওঁ আশ্বাস ভৰা নিৰ্বাচনী বতাহত
আকৌ উভতি আহোঁ ঢোল পেঁপাৰ মাতত
কুলিজনীয়েও মিঠা মাতেৰে সোঁৱৰাই ৰঙালী বিহুৰ কথা
তুমি এতিয়া মোক কি বুলি ক’বা
মই কাক আঁকোৱালি ল’বলৈ বিচাৰিছোঁ
মই মৰি গৈছো নে
তোমাক ভাল পাওঁ বুলি কৈছোঁ
হাঁহিছোঁনে কান্দিছোঁ
নে
ঈশ্বৰৰ প্ৰাৰ্থনাত নিমগ্ন হৈ
আদিম মানুহৰ শাৰীত শাৰী পূৰাইছোঁ
নে আধুনিক যুগৰ দুশাসনৰ
মই নিজকে কি সাজেৰে সজাম
গেৰুৱা নে মুগাবৰণীয়া
হাত দাঙিম নে হাতীত উঠিম
নাঙলত ধৰিম নে জাহাজত উঠিম
লেম্প লৈ ফুৰিম নে বাল্বত জিলিকিম
তোমাক মই মোক আঁকিবলৈ কৈছোঁ
হাত দুখন মেলি দিছোঁ
কৌতুহলেৰে ভৰা চকুকেইটা
স্থিৰ কৰি দিছোঁ
ওঁঠ দুটি কঁপাইছোঁ
দেহাটো উলংগ কৰি
তোমালৈ চাই আছোঁ
তুমি মোক কেনেকৈ আঁকিবা
এতিয়াও পুৱতি হ’বলৈ একপহৰ বাকী ।