উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কে কে শৰ্মাৰ বাসগৃহত উদ্ধাৰ বান্দিলে বান্দিলে টকা

PC - NEWS8 NorthEast

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কে কে শৰ্মাৰ বাসগৃহত উদ্ধাৰ বান্দিলে বান্দিলে টকা

ৰঙিলী বাৰ্ত্তাসেৱা – উৎকোচ লৈ হাতে-লোটে হোৱা গ্ৰেপ্তাৰ অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মাৰ বাসগৃহত উদ্ধাৰ বান্দিলে বান্দিলে টকা৷দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা এচিএছ কে কে শৰ্মাৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় নগদ ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা৷শুকুৰবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল অসম চৰকাৰৰ যুটীয়া সচিব শৰ্মা৷৯০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল শৰ্মা৷এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল উৎকোচ৷বৰ্তমানেও কে কে শৰ্মাৰ বাসগৃহত অব্যাহত আছে দুৰ্নীতি নিবাৰকৰ অভিযান ৷