অসম চৰকাৰৰ এক লাখ নিযুক্তিৰ আন এক পদক্ষেপ

PC- Facebook

অসম চৰকাৰৰ এক লাখ নিযুক্তিৰ আন এক পদক্ষেপ

ৰঙিলী বাৰ্ত্তাসেৱা – সৰ্বমুঠ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰে আগবঢ়া অসম চৰকাৰৰ পূৰ্বৰ ৩৯,০১৯ গৰাকী প্ৰাৰ্থীৰ নিযুক্তিৰ পাছত আজি ৬৫৫ গৰাকী প্ৰাৰ্থীক অসম চৰকাৰে বিতৰণ কৰে নিযুক্তি পত্ৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত দিনৰ ১২.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া এই অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা, জলসিঞ্চন বিভাগকে ধৰি মুঠ ১১টা চৰকাৰী বিভাগত নিৰ্বাচিত মুঠ ৬৫৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।ইয়াৰে কৰ্মচাৰী বিভাগত ১২০ গৰাকী প্ৰাৰ্থী. গৃহ বিভাগত ৬৯ গৰাকী, বিত্ত বিভাগত ৩৩ গৰাকী, পৰিবহণ বিভাগত ০৫ গৰাকী, শ্ৰমিক কল্যাণ বিভাগত ১৮ গৰাকী, আবকাৰী বিভাগত ০৭ গৰাকী, জলসিঞ্চন বিভাগত ৩২৫ গৰাকী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩৩ গৰাকী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ০৪ গৰাকী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত ৩১ গৰাকী আনহাতে উদ্যোগ আৰু বাণিজ্য বিভাগত ১০ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰে নিযুক্তি।