উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ পৰা আঠখনকৈ শিক্ষানুষ্ঠান বন্ধ কৰাৰ জাননী জাৰি

pc assamese.sentinelassam.com

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ পৰা আঠখনকৈ শিক্ষানুষ্ঠান বন্ধ কৰাৰ জাননী জাৰি

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূব সীমান্ত ৰে’লৱেই গ্রহণ কৰিছে আন এক হঠকাৰী সিদ্ধান্ত। এইবাৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ পৰা আঠখনকৈ শিক্ষানুষ্ঠান বন্ধ কৰাৰ জাননী জাৰি কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৰাজ্যত থকা ৰে’লৱেৰ ৬খনকৈ প্ৰাথমিক বিদ্যালয়। এই শিক্ষানুষ্ঠানকেইখন হ’ল আদাবাৰীৰ ৰে’লৱে ডিটিপি স্কুল, পাণ্ডুৰ ৰে’লৱে প্ৰাইমাৰী স্কুল, আমিনগাঁৱৰ ৰে’লৱে প্ৰাইমাৰী স্কুল, মৰিয়নিৰ ৰে’লৱে প্ৰাইমাৰী স্কুল, ডিব্ৰুগড়ৰ ৰে’লৱে ডিটিপি স্কুল আৰু তিনিচুকীয়াৰ ৰে’লৱে প্ৰাইমাৰী স্কুল। একেটা নির্দেশনাতে ডিমাপুৰস্থিত ৰে’লৱে হাইস্কুল আৰু বৰছৈস্থিত ৰে’লৱে ডিটিপি স্কুলো বন্ধৰ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। কমসংখ্যক ৰে’লৱে ৱাৰ্ড থকা তথা ৰে’লৱে ৱাৰ্ড নথকাৰ দোহাই দিয়েই এনে হঠকাৰী সিদ্ধান্ত লৈছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই। নিৰ্দেশনাত স্পষ্টভাৱে উক্ত শিক্ষানুষ্ঠানকেইখনৰ প্রধান শিক্ষক আৰু ভাৰপ্ৰাপ্ত শিক্ষকক অহা ২০২২-২৩ শৈক্ষিক বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ নতুন নামভৰ্তি বন্ধ ৰাখিবলৈ কোৱা হৈছে৷