উত্তৰ গুৱাহাটী শ্ৰীশ্ৰী আউনীআটী শাখা সত্ৰত বিস্তৃত কাৰ্যসূচীৰে কাতি বিহু উদ্‌যাপন

rongilibarta

উত্তৰ গুৱাহাটী শ্ৰীশ্ৰী আউনীআটী শাখা সত্ৰত বিস্তৃত কাৰ্যসূচীৰে কাতি বিহু উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা – আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভুৰ আজ্ঞা অনুসৰি এইবেলিও বিস্তৃত কাৰ্যসূচীৰে কাতি বিহুটি ভকত বৈষ্ণৱ তথা উত্তৰ গুৱাহাটী ৰাইজৰ সহযোগত সত্ৰৰ বাকৰিত পালন কৰা হয় ৷ উল্লেখ্য , সত্ৰৰ ভড়ালী ত্ৰৈলোক্য মোহন শৰ্মাৰ নেতৃত্বত সত্ৰৰ ভকত তথা ৰাইজৰ সহযোগত এমাহ জোৰা শ্ৰমৰ অন্তত সাজি উলিওৱা আকাশ বন্তি আজি সন্ধিয়া প্ৰজ্বলন কৰা হয় ৷ আজিৰ এই পৱিত্ৰ দিনটোত সত্ৰৰ মণিকুটৰ পৰা শালগ্ৰাম মহাপ্ৰভূক গায়ন-বায়ন,হৰি সং-কীৰ্তন,দবা,শংখ,বৰকাঁহৰ হৰ্ষধ্বনিৰে উলিয়াই আনি নামঘৰৰ কাষতে মুকলি আকাশৰ তলত তুলসীৰ সন্মুখত সত্ৰৰ বৰপুজাৰী ভবেন্দ্ৰ নাথ শৰ্মাই ৰাইজৰ মংগল কামনাৰে পুজা অৰ্চনা কৰে । আয়তীসকলে তুলসীৰ নাম পৰিৱেশন কৰাৰ অন্তত বৰপুজাৰীকে মুখ্য কৰি সহযোগী সকলে তিনিযোৰা আকাশ বন্তি প্ৰজ্বলন কৰি বন্তিৰ পোহৰত যাতে সকলো অপায়-অমংগল দূৰ হয় তাৰে কামনাৰে গোবিন্দ প্ৰভুৰ শ্ৰীচৰণত প্ৰণিপাত জনাই সকলো অসমবাসী ৰাইজলৈ কাতিবিহুৰ শুভেচ্ছা জ্ঞাপন কৰা হয় ।