উজনিৰ আঁহে আঁহে – শতাব্দী শৰ্মা

PC - Reflections.live
উজনিৰ আঁহে আঁহে 
  শতাব্দী শৰ্মা, নগাওঁ 
সেউজীয়াৰ মাজে মাজে ক’লা চানেকিয়া ,
শিৰীষৰ গা -গছত জালুক লহপহীয়া।
নীলিম সীমনাত ডাৱৰৰ খেলা,
সৰু সৰু বাগিছাৰ আলিত মজদুৰৰ মেলা।
ৰ’দঘাই পথাৰত সোণোৱালী ৰেঙণি,
আশাৰ চাবিকাঠি বুঢ়াপাহাৰৰ নামনি।
জোনাক গলা নিশাৰ ষ্ট্ৰীট লাইটৰ লুকা -ভাকু,
চালে চকুৰোৱা অপৰূপ ধৰণী নালাগে লগৰীয়া কাকো।
পক্ষীৰ কাকলিত ঘন অৰণ্যতো মৌ বৰষে,
সৌ সুদূৰত জলৰাশিৰ মাজত মোহে কহুৱাৰ আবেশে ।
জীপাল বননিত কপিকূলৰ সঘন আহ – যাহ,
দুয়োপাৰে চাহ বাগান, ঘৰে ঘৰে কুকুৰা আৰু হাঁহ।
সুন্দৰ ৰাস্তা, সুপৰিকল্পিত গাওঁ পঞ্চায়ত ,
হাঁহিত মুকুতা সৰাদি সৰে এজাৰ, ৰাধাচূড়াৰ পাহি বাটত।
জঠৰতাৰ আদিপাঠ টিলিকতে পাহৰাই,
এয়া নতুনত্বৰ যশগান।
উজনিৰ আঁহে আঁহে উৰ্বৰতাৰ গুণগান।