উচ্চতৰ মাধ্যমিকলৈ উন্নীত কুমাৰপাৰাৰ শিশু নিকেতন

pc- Youtube

উচ্চতৰ মাধ্যমিকলৈ উন্নীত কুমাৰপাৰাৰ শিশু নিকেতন

অনলাইন বাৰ্ত্তাসেৱা- কুমাৰপাৰাৰ শিশু নিকেতন উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিয়ে শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ বৃহৎসংখ্যক শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিদ্যালয়খনক চলিত শৈক্ষিক বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পৱন কুমাৰ আগৰৱালাই জানিবলৈ দিয়া মতে বিদ্যালয়খনেএই বছৰ কʼলা আৰু বাণিজ্য শাখাত একাদশ শ্ৰেণী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে আৰু যথেষ্টসংখ্যক শিক্ষাৰ্থীয়ে বিদ্যালয়খনত নামভৰ্তি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। শিশু নিকেতন উচ্ছমাধ্যমিক বিদ্যালয়খনে গৌৰৱোজ্জল ৫৫ বছৰ অতিক্ৰম কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাই আহিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ সচিব অধ্যাপক ড০ প্ৰদীপ কে জৈনে জানিবলৈ দিয়া মতে বিদ্যালয়খনে সময়ে সময়ে শিক্ষাৰ্থীসকলৰ বাবে কেৰিয়াৰ বিকাশ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। উচ্চতৰ মাধ্যমিক পৰ্যায়তো বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হʼব বুলি আশা প্ৰকাশ কৰে।

 

(RT)